ৰাজ্যত হোৱা বানত ক্ষতিগ্ৰস্থ লোকক সহায়ৰ আহ্বান তৃণমূল কংগ্ৰেছৰ

ৰাজ্যত হোৱা বানত ক্ষতিগ্ৰস্থ লোকক সহায়ৰ আহ্বান তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি নেতৃত্বাধীন অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি মেহবুব আলীয়ে পোনপটীয়া প্ৰশ্ন কৰি কয় যে ৰাজ্যত হোৱা বানৰ ফলত সমগ্ৰ অসমৰ জনসাধাৰণে এতিয়াও দুৰ্ভোগ ভূগি আছে। কিন্তু দেখা গ’ল সমগ্ৰ অসমত বানপানী হোৱা স্বত্বেও নামনি অসমৰ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ এলেকা সমূহ যি এলেকা নদীৰ একেবাৰেই কাষত, তেওঁলোকৰ ক্ষয়-ক্ষতি, অভাৱ অভিযোগৰ খবৰ লৱলৈ কিন্তু অসম চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰী-আমোলা বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত ন’হল। কিয় তেওঁলোকক মাহী আইৰ দৃষ্টিৰে চোৱা হ’ল? ৰাইজৰ ভোটেৰে নিৰ্বাচিত এখন চৰকাৰৰ এই পক্ষপাতিত্বমূলক আচৰণ যুক্তিসংগতনে ?সাম্প্ৰদায়িক ৰাজনীতিৰ নামত আপোনালোকে আৰু কিমান তললৈ নামিব?