চতুর্থখন মেচত জিম্বাব’ৱেক ১০ উইকেট পৰাস্ত ভাৰতৰ

চতুর্থখন মেচত জিম্বাব’ৱেক ১০ উইকেট পৰাস্ত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘৰুৱা দল জিম্বাব’ৱেৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ হাৰাৰেত অনুষ্ঠিত চতুর্থখন মেচত শুভমন গিল বাহিনীয়ে ১০ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে আৰু ৩-১ৰ অগ্ৰগতিৰে শৃংখলাটো হস্তগত কৰে টীম ইণ্ডিয়াই। মেচখনত ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৫৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় যশস্বী জয়ছোৱাল আৰু শুভমন গিলৰ অপৰাজিত অর্ধশতকৰ সহায়ত ভাৰতে ১৫.২ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ লক্ষ্যত উপনীত হয়। জয়ছোৱালে  ৫৩টা বলত ১৩টা চাৰি আৰু ২টা ছয়েৰে অপৰাজিতভাৱে ৯৩ ৰান কৰাৰ লগতে অধিনায়ক গিলে ৫৮ ৰান কৰি অপৰাজিত হৈ থাকে। গিলৰ ৩৯টা বলৰ ইনিংছটোত আছিল ৬টা চাৰি আৰু ২টা ছয়। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি ভাৰতীয় বলাৰৰ সুনিয়ন্ত্ৰিত বলিঙৰ সন্মুখত জিম্বাব’ৱেই নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫২ ৰান কৰে। দলটোৰ হৈ সর্বাধিক ৪৬ ৰান কৰে অধিনায়ক ছিকন্দৰ ৰাজাই। অ’পেনাৰ টাডিৱানাছে মুৰামানিয়ে ৩২ আৰু ৱেছলে মাধেভেৰেই ২৫ ৰানৰ অৰিহণা আগবঢ়ায়। ৱেছলে আৰু মুৰামানিয়ে প্রথম উইকেটত ৬৩ ৰান সংগ্ৰহ কৰি দলক প্রত্যয়জনক আৰম্ভণি দিছিল যদিও বাকীসকল বেটাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নোহোৱাত দলটোৱে ভাৰতীয় দলৰ সন্মুখত বৃহৎ স্ক’ৰ থিয় কৰাব নোৱাৰিলে। ভাৰতীয় দলটোৰ হৈ খলিল আহমেদে সর্বাধিক দুটা উইকেট লাভ কৰাৰ বিপৰীতে নৱাগত তুষাৰ দেশপাণ্ডে, ৱাশিংটন সুন্দৰ, অভিষেক শৰ্মা আৰু শিৱম ডুবেই এটাকৈ উইকেট লাভ কৰে। শৃংখলাটোৰ অন্তিমখন মেচ কাইলৈ অনুষ্ঠিত হ’ব।