মাজুলীৰ ঐতিহ্যমণ্ডিত বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সমাজকৰ্মী, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক ভৱানন্দ দেৱগোস্বামীৰ মৃত্যু

মাজুলীৰ ঐতিহ্যমণ্ডিত বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সমাজকৰ্মী, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক ভৱানন্দ দেৱগোস্বামীৰ মৃত্যু ;
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বহু প্ৰজন্মৰ ধৰ্মীয় গুৰুজনাৰ ; 
অগনন শিষ্য -প্ৰশিষ্য , গুণমুগ্ধ, জাতীয় সংগঠনৰ  শেষ শ্ৰদ্ধা ;
মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ 
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ ঐতিহ্যমণ্ডিত বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ , বিশিষ্ট সমাজকৰ্মী , বহু প্ৰজন্মৰ নমস্য গুৰু, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক ভৱানন্দ দেৱগোস্বামী আৰু নাই। কেইবাটাও দশক মাজুলীৰ সমাজ জীৱন, জাতীয় জীৱন সমৃদ্ধ কৰি ৰখা ভৱানন্দ দেৱ গোস্বামীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকলৈ গমন কৰে। সনাতনী বৈঞ্চৱ ধৰ্মৰ প্ৰসাৰৰ জৰিয়তে সমাজ সংগঠন কৰা ভৱানন্দ দেৱ গোস্বামী যোৱা ১ জুলাইৰ পৰা হৃদৰোগৰ উপৰিও বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি  ইউত চিকিৎসাধীন হৈ  আছিল। ৯ জুলাইত কিছু পৰিমাণে স্বাস্থ্য উন্নত হোৱাত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে তেখেতক আই চি ইউৰ পৰা জৰুৰী ৰোগীৰ কক্ষলৈ স্থানান্তৰ কৰে। কিন্তু ,কালি সন্ধিয়াৰ পৰা  স্বাস্থ্য পুনৰ অৱনতি ঘটাত পুনৰ আই চি ইউলৈ চিকিৎসকে লৈ যায়। তাৰপিছত, যোৱা ৰাতি সত্ৰাধিকাৰ গৰাকীখ ভেন্টিলেশ্বন ব্যৱস্থাৰে ৰখা হয় যদিও  পুৱা সাত বজাত তেখেতৰ মৃত্যু হোৱা বুলি চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষই ঘোষণা কৰে। সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক ভৱানন্দ দেৱ গোস্বামী, ৰাজনৈতিকভাৱে সচেতন সত্ৰাধিকাৰ আছিল। মাজুলীৰ বিভিন্ন সামাজিক সমস্যাৰ সমাধানৰ বাবে তেওঁ সজোৰে মাত মাতি আহিছিল। মাজুলীৰ স্থায়ী ভৌগোলিক সুৰক্ষাৰ বাবে মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ৰাজপথত কৰা আন্দোলনত তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিছিল।  অসম জাতীয়তাবাদী দলৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে ১৯৮৫ চনত অসম গণ পৰিষদৰ মাজুলী জিলা সমিতিৰ কাৰ্যালয় সম্পাদক আছিল৷ ভৱানন্দ দেৱ গোস্বামীয়ে ১৯৪২ চনৰ আগষ্টত মাজুলীৰ বৰ এলেঙী সত্ৰত জন্মগ্ৰহণ কৰিছিল। অসমৰ ধৰ্ম,সমাজ সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা ভৱানন্দ দেৱ গোস্বামীয়ে ১৯৮৬ চনত মাজুলী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। অসম সত্ৰ মহাসভা, অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী ভৱানন্দ দেৱ গোস্বামী ” বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ সভাপতি আছিল। নামনি মাজুলীৰ লোহিত পৰীয়া কনিষ্ঠ মহাবিদ্যালয়, মিলিত কৃষ্টি সংঘ, খাৰজানপাৰ জনজাতি হাইস্কুল, লোহিত পৰীয়া কৃষ্টি সংঘৰ তেখেতৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত আছিল। মাজুলী বৰ এলেঙী সত্ৰত তেখেতে পূৰ্ণকান্ত দেৱ গোস্বামী শংকৰদেৱ শিশু নিকেতন প্ৰতিষ্ঠা কৰি অঞ্চলটোৰ শিক্ষা দিশত আগুৱাই নিছিল। ভৱানন্দ দেৱ গোস্বামীৰ অসংখ্য শিষ্য -প্ৰশিষ্য অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে।  মাজুলীৰ মিচিং জনগোষ্ঠীৰ লোকসকলক দীক্ষা প্ৰদান কৰি বৈষ্ণৱীকৰণ কৰাত অশেষ অৱদান আগবঢ়াই গৈছে। মাজুলীৰ মিচিং জনগোষ্ঠীৰ গাঁৱত গৈ তেখেতে শিবিৰ পাতি অগণন লোকক দীক্ষা প্ৰদান কৰিছিল। মাজুলীৰ ১নং বৰগঞা , ২ নং বৰগঞা, বালি গাঁও আদিত অগনন মিচিং জনগোষ্ঠীৰ লোকে তেখেতৰ শিষ্যত্ব গ্ৰহণ কৰি মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰসাৰ ঘটাইছিল। ভৱানন্দ দেৱ গোস্বামীৰ বিয়োগত মাজুলীৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি হ’ল৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮২ বছৰ। ভৱানন্দ দেৱ গোস্বামীৰ নিজৰ কোনো সন্তান নাছিল। তেখেতৰ পত্নী ২০২৩ চনত মৃত্যু হৈছিল । গোস্বামীয়ে তেওঁৰ ভাতৃৰ পুত্ৰ চন্দন গোস্বামী‌ , শ্যাম গোস্বামী আৰু শ্যামল গোস্বামীৰ লগত বৰ্তমান বৰ এলেঙী সত্ৰ পৰিচালনা কৰিছিল। বৰ্তমান ভতিজাক সকলেই তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসা কৰাই আছিল। আজি পুৱা ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যু হোৱা খবৰ মাজুলীত বিয়পি পৰাৰ লগে লগে মাজুলী শোকস্তব্দ হৈ পৰে। লগে লগেই গোস্বামীৰ অগনন গুণমুগ্ধ, শিষ্য -প্ৰশিষ্যই আহি তেখেতৰ বৰ এলেঙী সত্ৰৰ বাসগৃহ ভৰি পৰেহি। ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰিছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মাজুলীৰ বিধায়ক ভুবন গামে ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মাজুলীয়ে এগৰাকী আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ, উদাৰ, হাস্যবদন সত্ৰীয়া সংস্কৃতিৰ সাধকক হেৰুৱালে বুলি উল্লেখ কৰিছে। ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত মাজুলী জিলা সত্ৰ মহাসভা, মাজুলী জিলা সাংবাদিক সন্থা, মাজুলী জিলা ছাত্ৰ সন্থা, মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলা সমিতি, অসম গণ পৰিষদ মাজুলী জিলা সমিতি, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়া, খাৰজানপাৰ জনজাতি হাইস্কুল, বালিচাপৰি মিলিত কৃষ্টি সংঘ, বালিচাপৰি উন্নয়ন সমিতি, উদয়জ্যোতি ক্লাৱ, আদিএলেঙী সত্ৰ পৰিচালনা সমিতি,কাকৰিকটা উন্নয়ন সমিতি, পাৱনা উন্নয়ন সমিতি, বালিচাপৰি উন্নয়ন সমিতি, অভয়পুৰ, সৰু এলেঙী, উন্নয়ন সমিতি, বিৰিনাবাৰী, বৰগঞা, বালিগাঁও পৰিচালনা আৰু উন্নয়ন সমিতি, মাজুলী ডায়েৰী পৰিয়াল আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুৰ সময়ত ভাতৃ, ভতিজাসহ এটা বৃহৎ পৰিয়াল ইহ সংসাৰত এৰি থৈ গৈছে।
বিধায়ক ভুবন গামৰ বদান্যতা:
গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত পুৱা মাজুলী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই বিধায়ক ভুৱন গামে গোস্বামীৰ মৃতদেহ জন্মভূমি মাজুলীলৈ আনিবলৈ এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে। বিধায়ক গামে উক্ত এম্বুলেন্সখনৰ সকলো খা খৰছ বহন কৰে।