চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ নকৰিবও পাৰে ভাৰতে 

চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ নকৰিবও পাৰে ভাৰতে 

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ নাযায় ভাৰতীয় ক্ৰিকেট দল।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উচ্চস্তৰীয় সূত্ৰে জানিব পৰা অনুসৰি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ মেচ খেলাৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে ভাৰতীয় জাতীয় ক্ৰিকেট দলে।পাকিস্তান আৰু ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থানত আয়োজন কৰিবলৈ বি চি চি আয়ে ইতিমধ্যে আই চি চিৰ লগত আলোচনা কৰা বুলি জানিব পৰা গৈছে। ডুবাই আৰু শ্ৰীলংকাত ভাৰত-পাকিস্তানৰ মেচ আয়োজন কৰিবলৈ আই চি চিক অনুৰোধ জনাব বি চি চি আয়ে। এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ভাৰতীয় ক্ৰিকেট দলক পাকিস্তানলৈ পঠিওৱাৰ সম্ভাৱনা নাই।   ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ পাকিস্তানত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী । ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ মেচৰ তাৰিখ পিচত ঘোষণা কৰা হ’ব । ২০০৮ চনৰ এছিয়া কাপৰ পিচত দুয়োখন দেশৰ মাজত উত্তেজনাপূৰ্ণ সম্পৰ্কৰ বাবে ভাৰতে পাকিস্তানত কোনো ক্ৰিকেট প্ৰতিযোগিতা খেলা নাই ।২০১২ চনৰ ডিচেম্বৰৰ পৰা ২০১৩ চনৰ জানুৱাৰীলৈকে ভাৰতত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক শৃংখলাটো দুয়োখন দেশৰ মাজত অন্তিম দ্বিপাক্ষিক শৃংখলা হিচাপে পৰিগণিত হয় । তাৰ পিচৰ পৰা দুয়োখন দেশ কেৱল আইচিচি টুৰ্ণামেণ্ট আৰু এছিয়া কাপতহে মুখামুখি হৈছে । দুয়োখন দেশৰ সম্পৰ্কৰ বাবে আগন্তুক প্ৰতিযোগিতাত ভাৰতৰ অংশগ্ৰহণক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে । পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতক তেওঁলোকৰ সকলো খেল এখন চহৰতে খেলাৰ প্ৰস্তাৱ দিছিল । ভাৰতে তেওঁলোকৰ সকলো মেচ খেলিব পৰা স্থান হিচাপে লাহোৰক নিৰ্বাচিত কৰা হৈছে । অৱশ্যে পাকিস্তানলৈ যোৱাৰ সম্ভাৱনাক লৈ ভাৰতীয় ক্ৰিকেট ব’ৰ্ড আগ্ৰহী নহয় । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাখনৰ আটাইবোৰ মেচ লাহোৰ, ৰাৱালপিণ্ডি আৰু কৰাচীত অনুষ্ঠিত হ’ব যদিও এতিয়া এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। কিয়নো পূৰ্বেই পাকিস্তানৰ এই ৩খন চহৰত চেম্পিনয়ছ ট্ৰফীৰ মেচসমূহ আয়োজন কৰা হ’ব বুলি ৰাজহুৱা কৰা হৈছিল।সেই অনুসৰি ১মাৰ্চৰ দিনা লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ এই বিষয়টোৱে আউল লগাইছে আয়োজক পাকিস্তানক।