নীৰৱ ঘাটক – শশী মাই গগৈ

নীৰৱ ঘাটক

শশী মাই গগৈ
সেউজী নগৰ,
নাজিৰা

এজনী সাত বছৰীয়া দ্বিতীয় শ্ৰেণীত পঢ়া মৰম লগা ছোৱালী । শ্ৰেণীত উপস্থিতি নিয়মীয়া নহয় । কিন্তু তাইৰ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ । অৱশ্যে শ্ৰেণীত উপস্থিত থকাৰ দিনা তাই পিছ পৰি যোৱা পাঠবোৰ শিক্ষকৰ পৰা মনোযোগেৰে শিকি বহীত লিখিবলৈ যত্ন কৰিলেও তাইৰ দেহত কুৰুকি কুৰুকি পিড়ী থকা ঘাটকটোৱে যেন তাই হাত খনক লিখাত বাধা দিয়ে । এৰা ধৰাকৈ শ্ৰেণীলৈ অহা ছোৱালী জনী আজি কিছুদিনৰ পৰা একেবাৰে নহা হ’ল ।