মই এটি মাথোঁ ধূলিকণা
আয়নাল হক, ধুবুৰী
চিৰন্তন গতিৰে
ধাৱমান হয় নদীখন
সাগৰত বিলীন হোৱাৰ আকূতিৰে।
পূবত উদিত বেলি
পশ্চিমত মাৰ যায় সময় হ’লে।
বিৰিখৰ পাত সৰি
পুনৰ সজ্জিত হয় কোমল কুঁহিৰে।
এচাম আহিছে ধৰালৈ
আন এচামে সময়ৰ আহ্বানত
পুনৰ উভতনি যাত্ৰা কৰিছে।
গতানুগতিক সকলো–!
সময়ে আপোন হাতেৰে
গঢ়িছে আৰু ভাঙিছে।
জীৱনকালৰ অপৰিমিত হেঁপাহবোৰ
মাৰ যায় মৃত্যুৰ লগে লগে।
কোনোবাই হাঁহিছে প্ৰাপ্তিৰ আনন্দত
কোনোবাই কান্দিছে হেৰুৱাৰ বেদনাত।
হাঁহি চকুলোৱে কাকো স্পৰ্শ নকৰে।
হাঁহি ফুলপাহি কেতিয়া সৰিব
কোনেও ভ্ৰূক্ষেপ নকৰে।
কোন আহে কোন যায়
মাথোঁ খন্তেকীয়া উত্তেজনা।
ধূলিৰ মানুহ মিলি যায় মাটিৰ লগত
যেতিয়া কালে হাত বাউলি মাতে।
মই এটি মাথোঁ ধূলিকণা
সময়ৰ গচকত লীন হৈ যোৱা।
