ডিব্ৰুগড়ত প্ৰতিকুল বতৰ তথা কৃত্ৰিম বানপানীৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি তথা তীব্ৰ বৰষুণৰ ফলত হোৱা কৃতিম বানপানীৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ পৰামৰ্শ মৰ্মে জিলা শিক্ষা বিভাগে সকলো চৰকাৰী /প্ৰাদেশিকৃত বিদ্যালয়, চাহ বাগিচা পৰিচালিত বিদ্যালয়, ব্যক্তিগত তথা কেন্দ্রীয় বিদ্যালয়সমূহ আজিৰে পৰা পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।

