সৌন্দৰ্য্য প্ৰতিযোগিতা মহিলা সকলক হেয় প্ৰতিপন্ন কৰাৰ এক মাধ্যম নেকি? – অনামিকা(সংগীতা) কলিতা

সৌন্দৰ্য্য প্ৰতিযোগিতা মহিলা সকলক হেয় প্ৰতিপন্ন কৰাৰ এক মাধ্যম নেকি???

অনামিকা(সংগীতা) কলিতা,শুৱালকুছি

সৌন্দৰ্য্য  প্ৰতিযোগিতা মহিলা সকলৰ হেয় প্ৰতিপন্ন কৰাৰ মাধ্যম কেতিয়াও নহয়। কাৰণ  সৌন্দৰ্য্যৰ মহিলা সকলৰ  শৰীৰৰ অংশ বুলি ভাবোঁ।

এজন লেখকৰ উক্তিত পাইছোঁ,কোনে লিখিছে লেখক জনৰ নাম মনত ।সুন্দৰ আৰাধনা জীৱনৰ খেল ।অৰ্থাৎ সুন্দৰতা প্ৰকৃতিৰ পৰাই মানুহৰ মনলৈ আহিছে।মানুহৰ মন সৌন্দৰ্য্যৰ পিপাসু  ,সৌন্দৰ্য চৰ্চা বা ইয়াৰ প্ৰতিযোগিতা এইটো নুবুজাই যে মহিলা সকল হেয় প্ৰতিপন্ন হ’ল ।

বিশ্বায়নৰ যুগত সকলো দিশে বিকশিত হৈছে ,তেনে স্থলত মহিলা সকলৰ সৌন্দৰ্য্যৰ প্ৰতিযোগিতাই তেওঁলোকক এক সুকিয়া মৰ্য্যদা প্ৰদান কৰিছে ।কিন্তু ইয়াৰ এক শালিনতা বহন কৰিলে কোনো ক্ষতি নহয়।

“সত্যম শিৱম সুন্দৰ ”  এই  উক্তিটোত  নিহিত আছে কথাষাৰ । সুন্দৰতা  যদি আমি পবিত্ৰ ভাবে উপস্থাপন কৰো ইয়াৰ ফলত কোনো ক্ষতি নহয়,বৰঞ্চ সমাজ খনত মহিলা সকল এক বিশেষ  স্থান লাভ কৰিব ।  শ্ৰীকৃষ্ণ যেতিয়া  ৰুক্মিণী  দেখিছিল প্ৰথম দৰ্শনতে ষোল্ল চিংগাৰত পৰিপূৰ্ণ ৰুক্মিণী দেখি মোহিত হৈছিল  প্ৰভু ভগৱন। তেওঁলোকৰ প্ৰেম অমৰ গাঁথা ভাগৱতত লিপিবদ্ধ আছে ।

গতিকে সৌন্দৰ্য্যৰ বাহ্যিকভাৱে থকাৰ লগতে অন্তৰ্নিহিত হ’ব লাগিব সেয়া সৌন্দৰ্য প্ৰতিযোগিতাত বিচাৰকে কৰা প্ৰশ্নবোৰৰ পৰা  জানিব পাৰিছোঁ কিছু সাছ-পোছাকত শালিনতা খুবেই প্ৰয়োজন। কাৰণ মহিলাক অৰ্ধআকাশৰ লগত তুলনা কৰা হয়।