এটি প্রেমৰ স্তবক – ৰাজলক্ষ্মী বৰঠাকুৰ

PC - Pixabay

এটি প্রেমৰ স্তবক

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

সুভাসনা মনত পৰেনে কেতিয়াবা,
তোমাৰ সেই ৰঙীন সন্ধিয়া বোৰ
আৰু সেই বকুল তলৰ আবেলি
যত বহি দুইয়ো দেখিছিলো ।
প্রেমৰ মাদকতাৰে ভৰা ৰঙীন সপোন বোৰ
আৰু ভাবিছিলো জীৱনৰ শুকান
বলুকাত তুমিয়েই সিচিবা
মৰমৰ কঠিয়া ।
সীমাহীন সুখ ঐশ্বর্য্যৰ মাজত হয়তো
তুমি পাহৰি গলা !
আমাৰ এই মৰম ভাল পোৱা বোৰ
মই কিন্তু পাহৰা নাই কাৰণ
মোৰ হৃদয়ত লিখা আছে মাথো
তোমাৰেই নাম
মুচিব খুজিলেও মুচিব নোৱাৰিবা
কিয়নো মোৰ প্ৰেমেই হল তেনেকুৱা ।