চচলত দিনযোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন

চচলত দিনযোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা– কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৫ তম মৃত্যু দিৱসটি চচল শতদল শাখা সাহিত্য সভাৰ ৰৱীন্দ্ৰনাথ দাস প্ৰেক্ষাগৃহত শাখা সাহিত্য সভাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ অনুষ্ঠানৰ অংশ হিচাপে ৰাতিপুৱা ৯ বজাত সাহিত্য সভাৰ পতকা উত্তোলন কৰে শাখা সভাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাই ৷ বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাই ৷ ইয়াৰ পিছতে শাখা সভাৰ সহকাৰী সম্পাদক নিকুঞ্জ দাসৰ সঞ্চালনাত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ চচল শতদল শাখা সাহিত্য সভাৰ বহুকেইগৰাকী কাৰ্যকৰ্তাই কলাগুৰু গৰাকীৰ জীৱন দৰ্শন সম্পৰ্কে আলোকপাত কৰে ৷ বিয়লি ৩ বজাত শাখা সভাৰ সভাপতি সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিষ্ণু ৰাভাৰ জীৱন দৰ্শন আৰু সৈনিক শিল্পী গৰাকীৰ জীৱনৰ বহু কেইটা উল্লেখনীয় কথা উল্লেখ কৰি এক সাৱলীল বক্তব্যৰে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ সাহিত্য অকাডেমী বঁটা বিজয়ী পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্তই উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা শিক্ষাবিদ বিশিষ্ট লেখিকা আৰু নিৱন্ধকাৰ ড° অপৰাজিতা বৰকটকী আৰু বিশিষ্ট সাহিত্যিক ঔপন্যাসিক অনুৰাধা দেশৰ শ্ৰষ্ঠা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ শাখা সভাৰ সম্পাদক ড° কমল চৌধুৰীৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভা চচলৰ মহিলাসকলৰ বিষ্ণু ৰাভাদেৱৰ ‘আজি মন্দিৰৰ দুৱাৰ খোলা’ শীৰ্ষক সমবেত গীত, সংস্কৃতা মালাকাৰৰ বিষ্ণু ৰাভা সংগীত লগতে চচল মহিলা লেখিকা সমাৰোহৰ সদস্যাসকলৰ সমবেত বিষ্ণু ৰাভা সংগীত, শিল্পী সদানন্দ বৰ্মনৰ লগতে বহু কেইগৰাকী স্থানীয় শিল্পীৰ বিষ্ণু ৰাভা সংগীতে মুকলি সভা জীপাল কৰি তোলে। মুখ্য অতিথি ড° মহন্তক গামোচা, শ্বল, সম্বৰ্ধনা পত্ৰৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিশিষ্ট অতিথি সকলকো সভাত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সভাতে যোৱা ১৬ জুনত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷ উক্ত মুকলি সভাতে চচল শতদল শাখা সাহিত্য সভাৰ তিনিমহীয়া বাৰ্তালোচনী বিষ্ণু ৰাভা স্মৃতি দিৱসৰ বিশেষ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্য অতিথি ড° জয়শ্ৰী গোস্বামী মহন্তই ৷ সভাৰ শেষত শাখা সাহিত্য সভাৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয় । অসম সংগীতেৰে দিনযোৰা কাৰ্যসূচীৰ সফল সমাপ্তি হয় বুলি শাখা সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ৷