যুগনায়ক – সবিতা  বেগম

যুগনায়ক
সবিতা  বেগম,
পাকাবেত বাৰী পাম   
(জন্ম :৩১ জানুৱাৰী ১৯০৯)
 (মৃত্যু: ২০ জুন ১৯৬৯)
“বিষ্ণুৰাভা এতিয়া কিমান ৰাতি”
“বিষ্ণুৰাভা পুনৰ আহিব উভতি।”
ভাৰতৰত্ন যুগনায়ক
মুক্তি যুঁজাৰু,মহা সংগ্ৰামী
তুমি মহামানৱ বিশ্ব শিল্পী
তমনাম গুঞ্জৰিত আকাশজুৰি
হে প্ৰজ্ঞাৰ সাধক জ্ঞানৰ বাতি।
তাণ্ডৱ নৃত্যকৰ কালজয়ী যুগ সাক্ষী,
উজ্জ্বল নক্ষত্ৰ অসমীয়াৰ সংস্কৃতি।
অনবদ্য সুগন্ধি সুন্দৰৰ পূজাৰী,
আজিও তোমাৰ নামত –
“বিলতে হালিছে ধুনীয়া পুদুমী।”
তুমি ত্যাগী মহাবীৰ আত্মহুতি
দেশৰ হকে পৰাধীনতাৰ শিকলি চিঙি,
বাৰে বাৰে খাটিলা তুমি জেল বন্দী।
জন হেনৰিৰ হাতুৰীৰ কথা কৈ তুমি,
কৃষক শ্ৰমিকৰ মন কৰিলা শান্তি।
মহাকাশ জুৰি তোমাৰ সৃষ্টি ,
তুমি অনন্যা দীপ্তি জগত কৃষ্টি।
১৯৬৯ চনৰ শয্যাধাৰী শেষ সৃষ্টি–
“এয়ে মোৰ শেষ গান” জগত সুৰভি।
তেজপুৰ মহাবাহুৰ পাৰত
ভৈৰৱী মন্দিৰৰ কাষত
উদিত ‘স্মৃতি উদ্যান’ ত
খোদিত অলেখ কৰ্মৰাজি
পুষ্পাদ্যানৰ বৃক্কত আছে জিলিকি
তোমাৰ পৱিত্ৰ সমাধি।
প্ৰতীক্ষাত শুনিবলৈ তোমাৰ পদধ্বনি,
বৰ অসমৰ ভয়ানক পৰিণতি।
“বিষ্ণুৰাভা এতিয়া কিমান ৰাতি”
“বিষ্ণুৰাভা পুনৰ আহিব উভতি”।।