নূপুৰ – ৰশ্মি ৰেখা দুৱৰা

PC - Pickpik
নূপুৰ
ৰশ্মি ৰেখা দুৱৰা
ইমান আন্তৰিকতা কিয় তোমাৰ
আলফুলকৈ খামুচি ধৰি মৰমেৰে বান্ধিলা
মিচিকনি হাঁহি মাৰি
মৌসনা চাৱনিৰে ওপচালা,
তোমাৰ মৰমত আতুৰ হৈ
ফুলিল আশাৰ মঞ্জুৰি
তোমাৰ ৰুনজুন ধ্বনিত
মোৰ দেহত বিয়পে অসংখ্য ভাৱনাই,
আগতে নিচিনিলোঁ তোমাক
তোমাৰ মৰমে যে আনন্দৰ বান নমাব পাৰে
উপলব্ধি কৰাৰ থল নাছিল মোৰ
শব্দতে যে প্ৰশান্তি আহে,
তুমিবিহীন মই নিঃসংগ
তোমাৰ নিভাঁজ মৰমৰ জোৰ আছে
‘নূপুৰ’, তোমাৰ আবুৰে কৰে দেখনিয়াৰ
প্ৰতিটো শব্দৰ মালাই গাঁঠে মাথোঁ মৰম।