ডিব্ৰুগড় জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি বৰবৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত বৰবৰুৱা আৰক্ষী থানাৰ সহযোগত সজাগতা সভা সম্পন্ন

ডিব্ৰুগড় জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি বৰবৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত বৰবৰুৱা আৰক্ষী থানাৰ সহযোগত সজাগতা সভা সম্পন্ন
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীৰ নিৰ্দেশ অনুসৰি বৰবৰুৱা আৰক্ষী থানাৰ সহযোগত বৰবৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত শিক্ষাৰ্থী সকলৰ  শাৰীৰিক, মানসিক, সামাজিক, আৰু শৈক্ষিক সজাগতা অনাৰ উদেশ্যে এখনি সজাগতা সভা অনুষ্ঠিত হয়। বৰবৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক মেৰাজ ৰহমানে সভাৰ আতঁধৰাৰ লগতে উদ্দ্যেশ্য ব্যাখ্যাত শিক্ষাৰ্থী সকলৰ মাজত শাৰীৰিক, মানসিক সামাজিক, শৈক্ষিক ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা সভাত উপস্থিত অতিথি সকলৰ দিহা পৰামৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদৰণি বক্তব্য প্ৰকাশ কৰে।সভাত ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰী সকলে সদায় নিজৰ স্বাস্থ্যজনিত বিষয় , মানসিক স্থিৰতা , শৈক্ষিক ক্ষেত্ৰত অধ্যয়নত নিজকে প্ৰস্তুত কৰি তোলাৰ সদায় সজাগ তথা সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় আৰু বৰবৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ে ছাত্ৰ ছাত্ৰী সকলৰ বাবে সজাগতা সভাই এক ইতিবাচক দিশত যোগাত্মক ভাৱে অৰিহণা যোগাব বুলি প্ৰকাশ কৰে । অনুষ্ঠানত বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ দাসে প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ পথত শাৰীৰিক ক্ষেত্ৰত যত্ন লোৱা, মানসিক ভাৱে নিজকে ভাৰসাম্য বৰ্তাই ৰখা , শিক্ষা গ্ৰহণৰ জৰিয়তে শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰাৰ লক্ষ্যৰে নিজৰ ভৱিষ্যতৰ উত্তৰণৰ ক্ষেত্ৰত অৱতীৰ্ণ হ’বলৈ মননশীল বক্তব্য প্ৰকাশ কৰে। সভাত বৰবৰুৱা উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ৰাখিমা সন্দিকৈ, ডিব্ৰুগড় শ্ৰম পৰিষদৰ কুসুম বৈশ্য , জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা লক্ষীনাথ বুঢ়াগোহাঁই আদিয়ে ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক জীৱন গঢ়াৰ ক্ষেত্ৰত ল’বলগীয়া সজাগতা সম্পৰ্কে বক্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক ৰাজেশ বদন নায়কে প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱা,শিক্ষা গ্ৰহণ আৰু অধ্যয়নত মনোনিৱেশ কৰি জীৱনৰ পথত সদায় সজাগ সচেতনতা বজাই ৰাখি নিজৰ ভৱিষ্যতৰ জীৱন গঢ়াৰ পথত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়। সভাত অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সহকাৰী সম্পাদক চণ্টু মাহালি প্ৰমুখ্যে বহু কেইজন গণ্য মান্য লোক আৰু বৰবৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰ সকল উপস্থিত থাকে।