ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলৰ সৈতে সদায় বৈষম্য কিয় ? – দেবর্ষি গৌতম

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলৰ সৈতে সদায় বৈষম্য কিয় ? 

দেবর্ষি গৌতম, বনগাঁও

       ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম স্বাস্থ্য খনৰ হৃদপিণ্ড স্বৰূপ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক বা দি আজিৰ তাৰিখত অসমৰ স্বাস্থ্য খনৰ যি ৰূপৰেখা সেয়া কল্পনা কৰাও অসম্ভৱ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বহু কৰ্মচাৰী ঠিকাভিত্তিক চাকৰিত মকৰল হৈ আছে। একেখন চিকিৎসা প্ৰতিষ্ঠান কৰ্মৰত অসম চৰকাৰৰ স্থায়ী কৰ্মচাৰী সকলৰ তুলনাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ  ঠিককভিত্তিক কৰ্মচাৰী সকলৰ দৰমহাৰ যি হাৰ তাত যথেষ্ট তাৰতম্য দেখিবলৈ পোৱা যায়। ইয়াৰ বিপৰীতে কিন্তু প্ৰতিগৰাকী কৰ্মচাৰীৰ কৰ্মসম্পাদনৰ নীতি নিয়ম সম্পূৰ্ণ একে। এনেবোৰ কাৰ্যৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলে সততে তেওঁলোকৰ লগত চৰকাৰ তথা স্বাস্থ্য বিভাগে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। আচলতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰি আহিছে সেয়া কেৱল এটাই মাত্ৰ কাৰণৰ বাবে নহয়, ইয়াৰ কাৰণ বহুতো আছে। কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলৰ যি দৰমহাৰ গাঁথনি তাত কিছু পৰিৱৰ্তন অনা হৈছিল। এই পৰিবৰ্তনৰ জড়িয়তে কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি হব বুলি কোৱা হৈছিল। কিন্তু কাৰ্যত অন্য এক প্ৰতিচ্ছবিহে দেখিবলৈ পোৱা গল। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ বাবে যি নিয়ম প্ৰৱৰ্তন কৰা হল তাত কেৱল মাত্ৰ নগণ্য সংখ্যক কৰ্মচাৰীৰহে লাভ হৈছে। গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়মে কোনো প্ৰভাৱ নেপেলালে। আচলতে অতি কৌশলী ভাবে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। এই নিয়ম অনুসৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মকৰল হোৱা যি আৰম্ভণিৰ দৰমহা সেয়াহে বৃদ্ধি কৰা হৈছিল। কোৱা হৈছিল যে আৰম্ভণিৰ দৰমহা বৃদ্ধি হোৱাৰ পিছত যিসকল কৰ্মচাৰীৰ দৰমহা আৰম্ভণিৰ দৰমহাতকৈ কমি থাকিব তেওঁলোকক বৰ্ধিত দৰমহাৰ সমপর্যায়ত দৰমহা প্ৰদান কৰা হব কিন্তু যিসকলৰ দৰমহা ইতিমধ্যে বৃদ্ধি হৈ সেয়া অতিক্ৰম কৰিছে তেওঁলোকৰ বাবে কোনো সুবিধা নাথাকিব দৰমহা বৃদ্ধি হোৱাৰ। এতিয়া কথাটো হল কেৱল মাত্ৰ এবছৰ বা দুবছৰ আগত মকৰল হোৱা কৰ্মচাৰী সকলক বাদ দি বাকী দীৰ্ঘদিন ধৰি কৰ্ম সম্পাদন কৰি থকা কৰ্মচাৰী সকলৰ দৰমহা যিহেতু তাতকৈ বেছি হবই গতিকে এই প্ৰক্ৰিয়াৰে সেইসকল কৰ্মচাৰীক দৰমহা বৃদ্ধিৰ লাভালাভ প্ৰদানৰ পৰা বিৰত ৰখা হল। নতুনকৈ চাকৰিত মকৰল হৈয়ে নিৰ্দিষ্ট কিছু সংখ্যক কৰ্মচাৰীয়ে তিনি চাৰি বছৰ ধৰি চাকৰি কৰি পোৱা দৰমহাৰ সমহাৰত দৰমহা পাবলৈ সক্ষম হৈছে। বছৰৰ পিছত বছৰ ধৰি নিজৰ প্ৰাপ্য লাভৰ আশাত ৰৈ থকা কৰ্মচাৰী সকলক যেতিয়া এনেধৰনৰ বৈষম্যমূলক সিদ্ধান্তৰ দ্বাৰা প্ৰতাৰণা কৰা হয় তেনে ক্ষেত্ৰত সেৱাৰ মানোভাৱেৰে কৰ্ম সম্পাদন কৰাৰ যি মানসিক স্থিতি সেয়া ক্ৰমান্বয়ে সলনি হোৱাটো একেবাৰে স্বাভাৱিক কথা। আচলতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলক চৰকাৰ তথা স্বাস্থ্য বিভাগে সময়ে সময়ে বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও সেয়া কাৰ্যত ফলপ্ৰসু নোহোৱা বাবেহে সেই কৰ্মচাৰী সকলৰ ক্ষোভ আৰু অসন্তুষ্টি পৰিস্ফুট হয়। যিদৰে চৰকাৰৰ স্থায়ী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা নিয়ম প্ৰতিগৰাকী নতুন-পুৰণি কৰ্মচাৰীৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হয় ঠিক একেদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলৰ ক্ষেত্ৰতো একে হোৱাটো জৰুৰী। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ফালৰ পৰা প্ৰদান কৰা যিকোনো সুবিধা সকলো কৰ্মচাৰীয়ে একে সময়ত একে ধৰণে লাভ কৰিব লাগে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলৰ সৈতে বৈষম্যমূলকভাৱে নীতি প্ৰয়োগ কৰাতকৈ যিসমূহ নায্য দাবী সেইসমূহ চৰকাৰ তথা স্বাস্থ্য বিভাগে পূৰণ কৰাটো চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব। যিটো অভিযানৰ কৰ্মচাৰী সকলে সম্পাদন কৰা কৰ্মৰ জৰিয়তে চৰকাৰ আৰু স্বাস্থ্য বিভাগে অসমৰ স্বাস্থ্য খণ্ডত যি এক নতুন জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে সেই কৰ্মচাৰী সকলকে সময়ে সময়ে চৰকাৰ আৰু স্বাস্থ্য বিভাগে বিভিন্ন সুবিধা প্ৰদান কৰাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ বহু পুৰণি। যেতিয়াই কোনো কৰ্মচাৰীৰ সৈতে বৈষম্য হোৱা বুলি সেই কৰ্মচাৰী সকলে অনুভৱ কৰে তেনেহলে তাৰ লগে লগে সেই কৰ্মচাৰী সকলৰ মনত বিভাগৰ প্ৰতি থকা আস্থা কমি যোৱাৰ ওপৰিও কৰ্মসম্পাদনৰ যি কৰ্মস্পৃহা সেয়াও হ্ৰাস হোৱাৰ উপক্ৰম হোৱা দেখিবলৈ পোৱা যায়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী এগৰাকীয়ে যেতিয়া একে পদত কৰ্মৰত অসম চৰকাৰ স্থায়ী পদৰ সহকৰ্মী এগৰাকীয়ে লাভ কৰা সা-সুবিধা নিজতকৈকৈ যথেষ্ট বেছি লাভ কৰা প্ৰত্যক্ষ কৰিব কিন্তু কৰ্ম সম্পাদনৰ দায়িত্ব সম্পূৰ্ণ সমান অথবা নিজতকৈ কম বুলি অনুভৱ কৰিব তেতিয়াই কিন্তু এগৰাকী কৰ্মচাৰীৰ মানসিক স্থিতিত কিছু প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়।  এনেবোৰ বিষয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলৰ সৈতে বৈষম্য কৰা বুলি উঠা অভিযোগক আৰু অধিক শক্তি প্ৰদান কৰে।