জীৱনৰ সোণসেৰীয়া সময় – যমুনা দুলু বৈশ্য

জীৱনৰ সোণসেৰীয়া সময়

যমুনা দুলু বৈশ্য
শুৱালকুছি (বাথান )

কি ভাৱনাত উৰি থাকে মন
ভাগৰুৱা দেহ, সময়ৰ গতিত গৈ
আছো , তেনেকৈয়েই ।
তোমাৰ মনৰ জোখৰ অটুত বন্ধনত
মৌনতাৰে বেৰি লোৱা সময়ত মনে সঁজা
ব্যস্ততাৰ জীৱনৰ নিৰৱতাৰে
প্ৰশান্তিৰ হাঁহি বিৰিঙি সোঁতত শেষ নহয়
জীৱনৰ সোণসেৰীয়া সময়_
সপোন দেখিবলৈ শিকা দিনৰে পৰা
হেঁপাহ বোৰে মেলিছিল পোখা,
জীৱন দুদিনীয়া হ’ল বুলিয়েই
মৃত্যু চিৰ সত্য বুলি জনাৰ পিছতো
নীৰৱ- নিৰৱিচ্ছিন্ন ভাৱে
দুঃস্বপ্নৰ শ্বাস-প্ৰশ্বাসত নিতে
মৰমৰ পৃথিৱীখনত জীয়াই থকাৰ বাবে
মৰহী যোৱা বুকুৰ বেদনা বোৰ
প্ৰণয়ৰে প্ৰবাহমান উশাহৰ দৰে
তুমি আহি ,আকৌ সজীৱ কৰি দিলা
দুচকুয়ে চাব খোজা সপোনত ৰামধেনু আঁকি
এদিন হ’লেও অচিনাকিৰে চিনাকি দিবা ।