মহীয়সী নাৰী পদ্মশ্ৰী বীৰুবালা দেৱীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে – নাছিৰ আহমেদ

মহীয়সী নাৰী পদ্মশ্ৰী বীৰুবালা দেৱীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আমাৰ সমাজত এটি চিৰাচৰিত ধাৰণা আছে যে, অশিক্ষিত বা কম শিক্ষিত ব্যক্তিয়ে পুৰণি কালৰে পৰা সমাজত প্ৰচলিত হৈ থকা কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব নোৱাৰে  ; কেৱল উচ্চ শিক্ষিত ব্যক্তিসকলেহে এই বিষয়ে স্পষ্ট জ্ঞান লাভ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সক্ষম হয়। কিন্তু, গোৱালপাৰা-মেঘালয়ৰ সীমান্তৱৰ্তী একেবাৰে ভিতৰুৱা ঠাকুৰ ভিলা টিল্লা পাৰা গাঁৱৰ এটি দুখীয়া কৃষকৰ ঘৰত সকলোৰে শ্ৰদ্ধাৰ পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেৱে ১৯৫৪ চনত জন্ম গ্ৰহণ কৰি  আৰ্থিক দুৰৱস্থাৰ বাবেই মাথোঁ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰি কু-সংস্কাৰ , অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি পৃথিৱীৰ ইতিহাসৰ পৃষ্ঠাত চিৰদিন জিলিকি থাকিব। প্ৰকৃততে লাহ-বিলাহৰ মাজত জীৱন নিৰ্বাহ কৰা  ব্যক্তিসকলে সমাজ সম্পৰ্কে কোনো সচেতনতা অনুভৱ নকৰে ; কাৰণ তেওঁলোকে সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰে আৰু সোণৰ চামুচ মুখত লৈয়ে মৃত্যুৰ মুখত পৰে। ব্যক্তিগত জীৱনত হোৱা দ্বন্দ্ব-সংঘাতে এজন মানুহৰ অন্তৰ্দৃষ্টি প্ৰখৰ কৰি তোলে আৰু সমাজত প্ৰচলিত কুসংস্কাৰ,অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বাহিৰেও সকলো অনিয়মৰ বাস্তৱ পৰিস্থিতিৰ ভিত্তিত তাৰ কাৰ্য-কাৰণৰ (Law of Causality) বিজ্ঞান-সন্মত ( Scientific research) গৱেষণাৰ পথ মুকলি হৈ পৰীক্ষা-নিৰীক্ষা চলাই তাক নিৰ্মূল কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰে। বিশ্বৰ প্ৰায় বেছিভাগ মহাপুৰুষেই বেছি শিক্ষিত নাছিল ; তেওঁলোকৰ সন্মুখত আছিল এখন বহল সমাজ আৰু প্ৰাকৃতিক নিয়মসমূহৰ এক বাস্তৱ-সন্মত পৰ্যালোচনা।
কু-সংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া সমাজৰ দিক্ দৰ্শক সকলোৰে শ্ৰদ্ধাৰ পদ্মশ্ৰী বীৰুবালা ৰাভাৰ জীৱন আছিল নানা ঘাত-প্ৰতিঘাতেৰে ভৰা । পাঁচ বছৰ বয়সতে বীৰুবালাই পিতৃহাৰা হৈছিল। মায়ে ধাইৰ কাম কৰি কোনোমতে ঘৰখন পোহপাল দিছিল। বীৰুবালা ৰাভাই মাছ মৰাকে আদি কৰি ঘৰৰ সকলো কামত মাকক সহায় কৰিছিল। পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পিছতেই ঘৰৰ আৰ্থিক সমস্যাৰ বাবেই দুখীয়া পৰিয়ালৰ ছোৱালী হিচাপে মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁলোকৰ গাঁৱৰে এজন দুখীয়া কৃষকৰ সন্তানৰ লগত বিবাহ পাশত আবদ্ধ হৈ পদ্মশ্ৰী বীৰুবালা ৰাভাই সংসাৰ ধৰ্ম পালন কৰিবলৈ বাধ্য হৈছিল। প্ৰথম সন্তান নবছৰীয়া ধৰ্মেশ্বৰ ৰাভাই  মানসিক ৰোগত আক্ৰান্ত হোৱাত বিভিন্ন চিকিৎসা কৰি ৰোগমুক্ত নোহোৱাত তেওঁলোকে গাঁৱৰ ওজা দেওধনীৰ কাষ চাপে। দেওধনীয়ে জৰা-ফুকা , তন্ত্ৰ-মন্ত্ৰ কৰি ঘোষণা কৰিলে যে, ল’ৰাটোৰ গাত ঐশ্বৰিক শক্তি পৰী লম্ভিছে। পৰীৰ এটি সন্তান জন্ম হোৱাৰ পিছতেই ল’ৰাটিৰ মৃত্যু হ’ব। কিন্তু, দেওধনীৰ সকলো ভৱিষ্যৎ বাণী অসাৰ বুলি প্ৰমাণিত হোৱাত শ্ৰদ্ধাৰ বীৰুবালা ৰাভাৰ মনত নতুন চিন্তাৰ স্ফূৰণ ঘটিল। সমাজত প্ৰচলিত কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে তেওঁৰ মনত এক বিদ্ৰোহ-ভাৱ জাগ্ৰত হ’ল। কিছুদিন পিছত বীৰুবালা ৰাভাৰ স্বামীৰ মৃত্যু হোৱাত গাঁৱৰ মানুহে একগোট হৈ বীৰুবালা ৰাভাক ডাইনী সজাই হত্যা কৰিবলৈ উদ্যত হ’ল। তেতিয়া বাধ্যত পৰি বীৰুবালা ৰাভাই গাঁৱৰ পৰা পলাই গ’ল যদিও সমাজত বৰ্তি থকা এই কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিবলৈ তেওঁ দৃঢ় -প্ৰতিজ্ঞ হ’ল।তাৰ পিছতেই আৰম্ভ হ’ল শ্ৰদ্ধাৰ পদ্মশ্ৰী বীৰুবালা ৰাভাৰ এক গণ-আন্দোলনৰ জীৱন পৰিক্ৰমা।
১৯৮৫ চনত তেওঁ ঠাকুৰ ভিলা মহিলা সমিতিৰ সম্পাদিকা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি সমাজৰ কু-প্ৰথা মদ, জুৱা আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰিবলৈ ধৰিলে। ১৯৯৯ চনত পাঁচ গৰাকী অসুস্থ মহিলাক ডাইনী সজাই শাস্তি বিহিবলৈ গোৱালপাৰা জিলাৰ  লক্ষীপুৰৰ দান মন্দিৰৰ প্ৰাংগণত লোকে লোকাৰণ্য হোৱা এটি ৰাজহুৱা সভাত বীৰুবালা ৰাভাই ডাইনী প্ৰথাৰ দৰে কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে যুক্তি সহকাৰে মত প্ৰকাশ কৰাত  সভাৰ সমজুৱাই তেওঁক এঘৰীয়া কৰিছিল। তেতিয়া ২০০০ চনৰ পৰাই তেওঁ ডাইনী প্ৰথাৰ বিৰুদ্ধে গণ-সচেতনতা অনাৰ বাবে গণ-আন্দোলনৰ সূচনা কৰিলে। প্ৰথমতে দুটা দশক ধৰি তেওঁ গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰি এই ডাইনী প্ৰথাৰ দৰে কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে মানুহক বুজাবলৈ ধৰিলে। ২০০৬ চনত অসম মহিলা সমিতিৰ লগত জড়িত হৈ বীৰুবালা ৰাভাই এই বিষয়ে দৃঢ় পদক্ষেপ লৈ বিশ্বৰ ১৫০ খন দেশৰ ১০০০ সাহসী নাৰীৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছিল।২০১১ চনত বীৰুবালা ৰাভাই ” মিছন বীৰুবালা”  আৰম্ভ কৰি সমাজত প্ৰচলিত ডাইনী হত্যাৰ নামত নিৰীহ পুৰুষ বা মহিলাক আশ্ৰয় দি ” গাহৰি ফাৰ্ম, মুৰ্গী ফাৰ্ম , বোৱা কটা আদিত সংস্থান দি  সহায় কৰিছিল। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।  আধুনিক মনৰ বহুত মানুহে ” মিছন বীৰুবালা” ত অংশ গ্ৰহণ কৰিছিল। বৰ্তমান এই মিছনৰ সদস্য সংখ্যা ৮০০ ৰো অধিক। এই মিছনে কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰে প্ৰশিক্ষণৰ ব্যৱস্থা চলি আছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়, দুধনৈ মহাবিদ্যালয়, চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়, ডিব্ৰু মহাবিদ্যালয়, চেৰফাংগুৰি মহাবিদ্যালয় আৰু ফি’ল বাৰী কণিষ্ঠ মহাবিদ্যালয়ত বীৰুবালা ৰাভাই কোষ গঠন কৰিছিল। এই মিছনৰ জৰিয়তে এতিয়ালৈকে ডাইনী    প্ৰথাৰ অন্ধবিশ্বাসৰ কবলত পৰি  শাস্তিৰ সন্মুখীন হোৱা ৩৫ গৰাকী অসহায় নাৰীক উদ্ধাৰ কৰি সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। অসম বিজ্ঞান সমিতি, উত্তৰ গুৱাহাটীৰ দ্বাৰা আয়োজিত ” অন্ধবিশ্বাস দূৰীকৰণ অভিযান” কাৰ্যসূচীতো যোগ দান কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সাৰুৱা ভাষণ দি বীৰুবালা ৰাভাই বিদগ্ধ পণ্ডিত সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
এগৰাকী অসীম সাহসী মহীয়সী নাৰী পদ্মশ্ৰী বিৰুবালা ৰাভা আছিল দেশৰ অগণন সাধাৰণ জনতাৰ মুক্তিৰ কাণ্ডাৰী-স্বৰূপ।  তেওঁ সমাজত প্ৰচলিত প্ৰাচীন উঁয়ে খোৱা ক্ষয়িষ্ণু অপ-সংস্কৃতিৰ ধাৰক আৰু বাহক কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা নাছিল যদিও দেশৰ নিৰীহ শোষিত জনগণৰ মুক্তিৰ বাবে ” মিছন বীৰুবালা” ৰ নেতৃত্ব প্ৰদান কৰি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈ প্ৰগতিশীল সমাজ-ব্যৱস্থা গঢ়াৰ বাবে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।
এই গৰাকী মহীয়সী বিপ্লৱী বীৰ নেতৃ নৰ্থ ইষ্ট নেটৱৰ্কৰ দ্বাৰা ২০০৫ চনত শান্তিৰ ন’বেল বঁটা লাভ কৰাৰ বাবে নাম প্ৰেৰণ, ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত, অসম চৰকাৰৰ ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা, সৰ্বেশ্বৰ দত্ত বঁটা বিজয়ী (২০১১ চনত) Foundation for Media and Social Welfare,Assam, ২০০৮ চনত Reliance industries Ltd, মোম্বাই  দ্বাৰা সম্বৰ্ধনা আৰু Real Hero উপাধি লাভ, ২০১৯ চনত আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ দ্বাৰা ” আনন্দৰাম ঢেকিয়াল ফুকন বঁটা বিজয়ী, টাই আহোম যব পৰিষদৰ পৰা বীৰাংগনা মূলা গাভৰু বঁটা, জয়মতী বঁটা, সমাজ প্ৰাণ সেৱা বঁটা বিজয়ী, 12th Upendra Nath Brahma Soldier of Humanity Award,২০১৫ বিজয়ী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পি এইচ ডি সন্মানেৰে সন্মানিত পদ্মশ্ৰী বীৰুবালা ৰাভাই ২২ এপ্ৰিলৰ পৰা গুৱাহাটী চিকিৎসা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত (Guwahati Medical State Cancer Institute) খাদ্যনলীত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি যুঁজি অৱশেষত ১৩ মে সোমবাৰে ৯.২৩ মিনিটত নিয়তিৰ ওচৰত হাৰ মানিলে। শ্ৰদ্ধাৰ বীৰুবালা ৰাভাৰ দেহৰ মৃত্যু হ’ল সঁচা, কিন্তু তেওঁৰ অবিনশ্বৰ,চিৰ শাশ্বত অদমনীয় বিপ্লৱী আত্মা অজড়-অমৰ হৈ থাকি সমাজত প্ৰচলিত কুসংস্কাৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি যোৱাৰ বাবে সমাজৰ প্ৰগতিশীল ভাৱধাৰাৰ আবাল-বৃদ্ধ-বনিতাক অনুপ্ৰেৰণা দান কৰিব । শ্ৰদ্ধাৰ বীৰুবালা ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া কেৱল চৰকাৰী ভাবে পালন কৰিলেই নহ’ব  ; অসম চৰকাৰে বীৰুবালা ৰাভাক অসমৰ শ্ৰেষ্ঠ মানৱ সম্পদ হিচাপে ঘোষণা কৰি তেওঁৰ প্ৰতিমূৰ্ত্তি প্ৰতিখন চহৰত স্থাপন কৰি তেওঁক প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা উচিত।