পুত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত পিতৃ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা ঘটনা । পিতৃক প্ৰহাৰ কৰি ৰাজপথত পেলাই থৈ গ’ল কুলাংগাৰ পুত্ৰই ৷ গুৱাহাটীৰ পূব-জ্যোতিনগৰৰ লুইত পথত সংঘটিত হৈছে এই ঘটনা । জ্যোতিনগৰৰ বাসিন্দা প্ৰবাল দাস নামৰ লোকজনে পিতৃ প্ৰভাত দাসক ৰাজহুৱা স্থানত কাঠেৰেভাৱে প্ৰহাৰ কৰিছিল । জানিব পৰামতে ধৃত প্ৰবাল দাসে লাঠিৰে কোবাই আঘাতপ্ৰাপ্ত কৰে পিতৃক। পিঠি, হাত আদিকে ধৰি শৰীৰ বিভিন্ন অংশত আঘাতৰ চিন। ইতিমধ্যে পিতৃৰ এজাহাৰৰ ভিত্তত পুত্ৰ প্ৰবাল দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি পূব-জ্যোতিনগৰৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।