জয় ভীম অসম ভীম সেনাৰ ৰাজহুৱা সভা

জয় ভীম অসম ভীম সেনাৰ ৰাজহুৱা সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী ছয়মাইলস্থিত হোটেল ব্ৰহ্মপুত্ৰত জয় ভীম অসম ভীম সেনাৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়৷ উক্ত সভাত জয় ভীম অসম ভীম সেনাৰ অসমৰ প্ৰায়বোৰ জিলা শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ, গুৱাহাটী আদিৰ পৰা অহা আহ্বায়ক মণ্ডলী মাধৱ দাস, ৰঞ্জন দাস, সত্যব্ৰত নাৰায়ণ দাস, প্ৰশান্ত দাস, তৃষ্ণা বৰা, মেঘালী দাস, ৰিতা দাস আদি প্ৰায় ৫০ জন মান যুৱক-যুৱতী উপস্থিত আছিল৷লগতে উপস্থিত আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ডা°দেৱকুমাৰ দাস, অৱসৰপ্ৰাপ্ত উপায়ুক্ত ভুপেন্দ্ৰ নাথ দাস, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰাক্তন প্ৰচাৰক স্বপন দাস আৰু বিনোদ পেগু আদি৷ উক্ত সভাখনত অসমৰ অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সামূহিক উন্নতি, সমবিকাশ আদিৰ স্বাৰ্থত আলোচনা হয়৷ আনহাতে তেওঁলোকে কয় যে বাবা চাহেব ভীমৰাও আম্বেদকাৰে দি যোৱা অনুসূচীত জাতি, জনজাতি সকলক সাংবিধানিক ৰক্ষা কৱচ তথা বিধিগত নীতি সমূহ ৰাইজৰ মাজত বিলাই নিয়াতো অসম ভীম সেনাৰ উদ্দেশ্য৷ লগতে কয় যে তিনি হেজাৰ বছৰৰ এশ শতাংশ সংৰক্ষণৰ বিপৰীতে অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোক সকলে মাত্ৰ ৭০ বছৰ কিছু শতাংশ সংৰক্ষণ পাইছে, তাকো কিছু লোকে কাঢ়ি নিবলৈ সমৰ সজ্জা চলোৱা বুলি উল্লেখ কৰে৷ সেয়েহে লক্ষ্যধিক অনুসূচীত জাতি, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোক সকলৰ উন্নয়নৰ বাবে ঐক্যতাৰে আগুৱাই যাব লাগে ৷ সেই উদ্দেশ্যতে জয় ভীম অসম ভীম সেনাই উক্ত সভাতে এখন নতুন কমিটী গঠন কৰে প্ৰায় ২৫ জন সদস্য-সদস্যাৰে সভাপতি হিচাবে মাধৱ দাস আৰু সম্পাদক হিচাবে জয়ন্ত দাস ৷