“নীলা চোলা”-স্বাগতা বৰুৱা গোস্বামী

Pc-printrest

“নীলা চোলা”

আজি কেইবাবছৰৰ পৰা এগৰাকী মহিলাই সদায় এটা নীলা ৰঙৰ চোলা হাতত লৈ ঘূৰি ফুৰে। আচৰণ মানসিক ৰোগীৰ দৰে। কিন্ত সাজপাৰ বৰ মলিয়ন হোৱা পৰিল‌‌ক্ষিত নহয়। ৰাস্তায়েদি যোৱা ডেকা ল’ৰাবিলাকে কেতিয়াবা তেওঁক দেখিলে জোকাই থৈও যায়।আকৌ কিছুমানে অহ এইজনী পাগলী পাগলী বুলি কৈ সেইখিনী ঠাই খৰকৈ পাৰ হৈ যায়। তেওঁৰ এই অৱস্হা দেখি কোনো একৰ বেয়াও লাগে। এদিন পাগলীজনীৰ নীলা চোলাটো হাতৰ পৰা থপিয়াই লৈ ল’ৰা কেইটামানে এটাই আনটোৰ গালৈ মাৰি খেলি পাগলীজনীক অস্থিৰ কৰি পেলাইছে। তাই পথৰ ওপৰতে মোৰ নাতিনীজনীক মাৰি নেপেলাবি অ বুলি বাগৰী বাগৰী কান্দিছে। চহৰৰ দহ এঘাৰ বজাৰ ব্যস্ততা,কাৰো যেন তেওঁৰ ফালে কেৰাহীকৈ চাবলৈও আহৰি নাই। সেইখিনী সময়তে এগৰাকী ভদ্ৰ মহিলা সেইফালেদি পাৰ হৈ যাবলৈ লৈ ৰৈ গ’ল। ঘটনাটো লক্ষ্য কৰি তেওঁৰ খং চুলিৰ আগত উঠিল। তেখেতে ল’ৰা কেইতাৰ হাতৰ পৰা চোলাটো আনি দি পাগলীজনীক এবটল পানীৰে সৈতে কিবা এটা খাবলৈ আনি দিয়াৰ পিছত ল’ৰা কেইটাক মাতি আনি পাগলীজনীৰ বিয়ষে ক’বলৈ ধৰিলে।
এসময়ৰ এইখন চহৰৰ নাম থকা ডাক্টৰ ৰানা শৰ্মাৰ পত্নী প্ৰনামী শৰ্মা। মোৰ প্ৰতিবেশী। তেওঁলোকৰ একমাত্ৰ পুত্ৰ অভিষেশ,পেছাত অভিযন্তা আছিল। সৰুৰে পৰা অমায়িক স্বভাবৰ অভিষেশ পঢ়া-শুনাত ভাল হোৱাৰ উপৰিও খেলা-ধূলাতো আগৰণুৱা আছিল। স্কুলৰ দিনৰে পৰা কলেজৰ দিনলৈকে সদায় শ্ৰেষ্ঠ তাৰ্কিকৰো সন্মান অৰ্জন কৰিছিল। সকলো ফালেদি যোগ‍্য অভিষেশক পৰৰ্বতী সময়ত উপযুক্ত বয়সত বিয়া পাতি দিছিল। তাৰ ঠিক দুবছৰ মানৰ পিছত অভিষেশ আৰু নন্দিনীৰ যুগ্ম জীৱনৰ সাক্ষী হিচাবে এজনী কন‍্যা সন্তানো তেওঁলোকৰ মাজলৈ আহিছিল। প্ৰণামীৰো নাতিনীজনীলৈ আছিল অত‍্যন্ত হেপাঁহ। মাক দেউতাক দুয়ো কৰ্মৰত হোৱাৰ হেতুকে তাইও অনবৰতে আইতাকৰ লগতে লাগি থাকে। দুপৰীয়া আইতাকৰ ওচৰত এটা সাধু শুনিহে টোপনি যায়‌। পূজা আৰু বিহু আহিলেই তাই আইতাকক অগতীয়াকৈ কৈ থয় কি ৰংৰ চোলা লাগিব। ডিচেম্বৰ মাহৰ দহ তাৰিখে তাইৰ মামাকৰ বিয়া আছিল। তাইও মামাকৰ বিয়াত কি কি পিন্ধিব তাৰ হিচাপতে ব‍্যস্ত। ঘৰখনতো অভিষেকৰ একমাত্ৰ খুলশালীয়েকৰ বিয়া সেয়ে সকলো বিয়াখনলৈ বহুত হেঁপাহেৰে যাবলৈ সাজু হৈছিল‌। তেওঁলোক যোৰহাটৰ পৰা গুৱাহাটীলৈ আঠ তাৰিখে বিয়লি পাঁচ বজাত ৰাওঁনা হৈছিল।অভিষেশে দিনটো অফিচত উপস্থিত থাকিব লগা হোৱাৰ বাবে এজন ড্ৰাইভাৰ ঠিক কৰি লৈছিল।সেইটোৱে যেন তেওঁলোকৰ বাবে কাল হ’ল। ড্ৰাইভাৰজনে আৰম্ভণিৰ পৰা অতি তীব্ৰ বেগেৰে গাড়ীখন চলাইছিল। ক’লেও কথাটো আওকান কৰিছিল। নন্দিনীৰ লগত এবাৰ তৰ্কাতকিত ও লিপ্ত হৈছিল। তাৰপিছত অলপ ধীৰ গতিত গাড়ী চলাইছিল। যোৰাবাট পাওঁতে সকলোৰে চকুত চকু লগাৰ সুযোগতে গাড়ীৰ গতি পুনৰ বঢ়াই দিওঁতে ঘন কুঁৱলিৰ ফলত দেখা নেপায় গাড়ী ডিভাইদাৰত খুন্দামাৰি ওলোটাকৈ দ খাৱৈত পৰেগৈ। তাতে থিতাতে নিহত হয় অভিষেশ নন্দিনী আৰু তেওঁলোকৰ মৰমৰ কনমানিজনী। এয়াৰবেগ ঠকাৰ বাবে ডক্টৰ শৰ্মা আৰু ড্ৰাইভাৰজন বাছে যদিও শৰ্মাদেবৰ ৰাজহাড়ডাল ভাঙী পৰে। প্ৰণামীয়ে মুৰত দূখ পোৱাৰ হেতুকে সকলো কথা পাহৰি যায়। মনত আছে মাথো নাতিনীজনীক আৰু তাই ভালপোৱা নীলা চোলাটো। কোনোদিনেই দূখ নথকা পৰিয়ালটোৰ সুখবোৰ বাৰুকৈয়ে কাৰোবাৰ চকু লাগিছিল। খন্তেকৰ ভিতৰতেই এটা পৰিয়াল শেষ হৈ গৈছিল। সেই ঘটনাটোৰ পিছৰেপৰা প্ৰণামীক ঘৰত ৰাখিব নোৱাৰা হ’ল‌। মানসিক চিকিৎসা কৰাইছে যদিও বিফল হৈছে। এতিয়া তাই মাথো বাটে বাটে পাগলীজনীৰ দৰে নীলা চোলাটো হাতত লৈ নাতিনীজনীক বিছাৰি থাকে।