প্ৰাপ্য খিনি বিচাৰি চালেই সম্বন্ধবোৰৰ প্ৰকৃত চৰিত্ৰ উজাগৰ হৈ পৰিব
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
মানুহে মানুহৰ ওপৰত শোষণৰ নীতি আমাৰ মানৱ ইতিহাসৰ আৰম্ভণিৰে পৰা আৰম্ভ হৈছে বুলি ক’লেওঁ ভুল নহ’ব। আচলতে দূৰ্বল ব্যক্তিৰ দূৰ্বলতাৰ সুযোগ নিজৰ আত্ম, সম্বন্ধীয়ৰ পৰা আৰম্ভ কৰি লাহে লাহে বাহিৰৰ সকলোবোৰ মানুহে উঠাবলৈ আৰম্ভ কৰি দিয়ে। সেয়েহে নিজকে সদায় সমাজত প্ৰতিষ্ঠিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা উচিত। এতিয়া সমাজত প্ৰতিষ্ঠিত ব্যক্তি এজন হ’বলৈ হ’লে কেৱল আৰ্থিক ভাৱে সবল হ’ব লাগে তেনে কোনো কথা নাই। কাৰণ কম বেছি পৰিমাণে আৰ্থিকভাৱে সমৃদ্ধিশালী ব্যক্তি এজনো সমাজ এখনত প্ৰতিষ্ঠিত হোৱা বহু উদাহৰণে বৰ্তমান সময়তো আমাৰ মাজত বিৰাজমান হৈ আছে নহয়নে?এতিয়া আহো প্ৰকৃত আলোচনাৰ বিষয় বস্তুলৈ। নিজৰ প্ৰাপ্য খিনি বিচাৰি চালেই সম্বন্ধবোৰৰ প্ৰকৃত চৰিত্ৰ উজাগৰ হৈ পৰিব। এই কথাটো একেবাৰে এশ শতাংশ সঁচা বুলি ক’ব পাৰি। ধৰিললো আপুনি বহু ডাঙৰ এখন পৰিয়াত জন্ম গ্ৰহণ কৰিছে। অৰ্থাৎ সেই পৰিয়ালৰ বাপেকৰ পিছত উত্তৰাধিকাৰী সা-সন্তান বহুত বেছি আৰু সকলোৱে মিলি কিছু পৰিমাণে সা-সম্পত্তিবোৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।এতিয়া দেউতাকৰ হাতত থকা যিমানবোৰ সা-সম্পত্তি আছিল নিজ নিজ উত্তৰাধিকাৰী সকলক বিলাই দিয়াৰ পূৰ্বতে দেউতাকৰ মৃত্যু হৈ যায়। সেয়েহে দেউতাকে কোনোব এজন পুত্ৰৰ হাতত পৰিয়ালৰ সকলোবোৰ সদস্য সকলৰ অংশ সমপৰিমাণত বিলাই দিয়াৰ দায়িত্বভাৰ অৰ্পণ কৰি যায়। এতিয়া যাৰ হাতত সৰ্বোচ্চ ক্ষমতা আহি পৰে আৰু যেতিয়া পৰিয়ালৰ সকলোবোৰ সদস্যক একগোট কৰি সমপৰিমাণে সম্পত্তিবোৰ ভগাই দিয়াৰ সময়তে গম পোৱা যায় সেই মানুহ গৰাকীৰ সা-সম্পত্তিৰ প্ৰতি থকা লোভ,মোহ কিমান। অৰ্থাৎ নিজ নিজ প্ৰাপ্য খিনি বিচাৰি চালে লাহে লাহে কৰি গম পোৱা যায় সম্বন্ধবোৰৰ মাজত থকা প্ৰকৃত চৰিত্ৰবোৰ। কাৰণ যাক আপুনি আত্মীয়, সম্বন্ধীয় বুলি ভাবে তেওঁলোকৰ পৰা আপুনি যদি কিবা পাবলগীয়া আছে তেন্তে এবাৰৰ বাবেওঁ আপোনাৰ প্ৰাপ্য খিনি বিচাৰি চালেই গম পোৱা যায় দিওঁতা জনৰ আচল চৰিত্ৰ। অন্তিমত কথা এটা উল্লেখ কৰিব বিচাৰিছোঁ যে, সকলোবোৰ মানুহ সমান নহয়। কিছুমান মানুহ আন্তৰিকভাৱে ইমানেই ভাল থাকে তেওঁলোকে আপোনাৰ প্ৰাপ্যতকৈ বেছিকৈ দিয়া পৰিলক্ষিত হয়। কিন্তু বৰ্তমান সময়ত কেৱল সকলোকে লাগে লাগে আৰু তাৰ মাজত দিওঁতাৰ সংখ্যা একেবাৰে নাইকীয়া হৈ পৰিছে বুলি কলেওঁ ভুল কোৱা নহয়। অৰ্থাৎ উপৰোক্ত আলোচনাৰ পৰা গম পোৱা যায় যে,নিজৰ লগত সম্পৰ্কত থকা সম্পৰ্কীয় ব্যক্তিসকলক উপৰিও সকলোবোৰ সম্বন্ধৰ মাজত উচিত বিচাৰ কৰিবলৈ হ’লে, নিজৰ প্ৰাপ্য কিবা থাকে তেন্তে এবাৰৰ বাবেওঁ তেওঁলোকৰ পৰা খুজি চালেই গম পাব পাৰি সম্বন্ধবোৰ মাজত মধুৰতা বা আত্মীয়তা কিমান।