প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে । আজি পুৱাই গুজৰাটৰ আহমেদাবাদৰ গান্ধীনগৰৰ নিশান হায়াৰ ছেকেণ্ডাৰী স্কুল কেন্দ্ৰত একেলগে গৈ ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। পুৱা ৭.৪৩ বজাত ভোটদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  পুৱাই ভোটদান কৰিবলৈ ৰাজভৱনৰ পৰা ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পিছত গান্ধী নগৰৰ ভোটকেন্দ্ৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভোটকেন্দ্ৰৰ কিছু দূৰৰ পৰা খোজ কাঢ়িয়ে ভোটকেন্দ্ৰত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ভোটকেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ পূৰ্বেই উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁৰ ভোটদানো হৈ গৈছিল। প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে অমিত শ্বাহে। ভোটদান কৰাৰ পিছত হাত ডাঙি জনতাক অভিবাদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ভোট দিয়াৰ পিছত সংবাদ মাধ্যমক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদান। মই দেশবাসীৰ ওচৰত আবেদন জনাইছো, তেওঁলোকে যেন অভিলেখসংখ্যক ভোটদান কৰে। সকলোৱে মিলি গণতন্ত্ৰক উৎসৱৰ দৰে পালন কৰক। আমাৰ দেশত ‘দান’ৰ গুৰুত্ব অপৰিসীম আৰু সেই চেতনাক সংগী কৰি যথাসম্ভৱ অধিক ভোটদানৰ আহ্বান জনাইছো দেশবাসীৰ ওচৰত। চতুৰ্থ পৰ্যায়ৰ ভোট এতিয়াও বাকী। গুজৰাটৰ এজন ভোটাৰ হিচাপে এয়াই একমাত্ৰ স্থান য’ত মই নিয়মিত ভোটদান কৰি আহিছো আৰু অমিত ভাই ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।’’  ইয়াৰ উপৰি অসমৰ চাৰিখন, বিহাৰৰ ৫খন, ছত্তীশগড়ৰ ৭খন, মধ্য প্ৰদেশৰ ৮খন, মহাৰাষ্ট্ৰৰ ১১খন, উত্তৰ প্ৰদেশৰ ১০খন আৰু পশ্চিম বংগৰ ৪খন আসনত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে।