ঝাৰখণ্ডৰ পালামু আৰু গুমলাত বিশাল নির্বাচনী সভা সম্বোধন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

ঝাৰখণ্ডৰ পালামু আৰু গুমলাত বিশাল নির্বাচনী সভা সম্বোধন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ পালামু আৰু গুমলাত বিশাল নির্বাচনী সভা সম্বোধন কৰে। এই নিৰ্বাচনী সভাতে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ দুৰ্বল চৰকাৰে সন্ত্রাসবাদী আক্ৰমণৰ পাছত বিশ্বত কান্দি ফুৰিছিল বুলি বিস্ফোৰক অভিযোগ কৰে। প্ৰথম আৰু দ্বিতীয় পর্যায়তকৈ অধিক আক্রমণাত্মক হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ শাসনকালৰ দুৰ্বলতাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়- কংগ্ৰেছ চৰকাৰৰ সময়ত সন্ত্রাসবাদীয়ে বোমা বিস্ফোৰণ, গুলীচালনা কৰে আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকলৈ প্রেমপত্ৰ প্ৰেৰণ কৰিছিল। পাকিস্তানে সেই প্রেমপত্রতকৈ অধিক সন্ত্রাসবাদী প্ৰেৰণ কৰিছিল। আপোনালোকৰ প্ৰতিটো ভোটেই অতি শক্তিশালী। মই কৈছোঁ যে যথেষ্ট হৈছে। এতিয়া নতুন ভাৰত। ঘৰত সোমাই মাৰিম। ছাৰ্জিকেল আৰু বালাকোটৰ আক্ৰমণত পাকিস্তান হতচকিত হৈছিল। এটা সময় আছিল সন্ত্রাসবাদীয়ে আক্ৰমণ কৰাৰ পাছত দুৰ্বল কংগ্ৰেছ চৰকাৰে বিশ্বজুৰি কান্দি ফুৰিছিল। এতিয়া পাকিস্তানে বিশ্বজুৰি বচাওক বচাওক বুলি কান্দি ফুৰে। পাকিস্তানৰ নেতাই কংগ্ৰেছৰ শ্বেহজাদাক প্রধানমন্ত্রী হোৱাটো বিচাৰে। কিন্তু শক্তিশালী ভাৰতে এতিয়া শক্তিশালী চৰকাৰ বিচাৰে। ৰাজ্যখনক শ্বহীদ নীলাম্বৰ পীতাম্বৰৰ ভূমি বুলি আখ্যা দি ২০১৪ চনত ৰাজ্যখনৰ প্ৰতিটো ভোটেই দেশৰ হকে কাম কৰিছে আৰু ভাৰতৰ গণতন্ত্ৰক বিশ্বই ছেল্যুট জনাইছে। আপোনালোকে কংগ্ৰেছৰ দুর্নীতিগ্ৰস্ত চৰকাৰক উৎখাত কৰিছে। আপোনালোকৰ প্ৰতিটো ভোটৰ মূল্যক গুৰুত্ব দিয়ক। এই প্রতিটো ভোটেই জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ সুযোগ দিছিল। সন্ত্রাসবাদ আঁতৰোৱাত সুযোগ দিছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পালামু আৰু গুমলাত বিজেপিৰ প্ৰাৰ্থী বি ডি ৰাম আৰু অর্জুন মুণ্ডাৰ হৈ প্ৰচাৰ চলায়।