মই এখন শালৰ মালিক
স্বাগতা বৰুৱা গোস্বামী
বুঢ়ীৰ জহতে দুবেলা দুমুঠি
খাই আছ তই ভাত
এদিন মাথো নহ’লে মই
চেলাই পেলাবি দাঁত
কলমটো হাতত লৈৱে সৰুতে পঢ়া কবি অতুল চন্দ্ৰ হাজৰিকাদেৱৰ ওলট-পালট কবিতাটোলৈ মনত পৰিছে।সচাঁকৈয়ে বাৰু ঘৰখনত মহিলাসকলৰ অবিহনে পুৰুষসকল এনে অৱস্থা হয় নেকি বাৰু??আচলতে তেনেকুৱা কথা নহয়।মানুহ পৰিস্থিতিৰ দাস।প্ৰয়োজনত সকলোৱে সকলো কৰিব পাৰে।যিদৰে পুৰুষে এখন ঘৰৰ মুধচৰ কাম কৰে ঠিক তেনেদৰে দায়িত্ব আৰু কৰ্তব্যবোধৰ আন এক নাম নাৰী।
এগৰাকী নাৰী হিচাপে মই নিজকে গৌৰৱ বোধ কৰো।কাৰণ মই এখন শালৰ মালিক।এইটো ক’ম গৌৰৱৰ কথানে?কেতিয়াবা ভাগৰিও পৰো।কেতিয়াবা আমনিও লাগে।তৎমুহূৰ্ততে ভাল লাগি আহে যেতিয়া মই কৰা কষ্ট খিনি সাৰ্থক হয়।আপোনালোকে ভাবিছে চাগৈ নহয়নে মই বা কি শালৰ মালিক…মই হ’লো ৰান্ধনীশালৰ মালিক।কেৱল মইহে মালিক তেনে নহয়।প্ৰতিখন গৃহস্থি ঘৰতে মহিলাসকল শালখনৰ মালিকনী হৈ পৰে।মই ভাবো ৰান্ধনীশালৰ মালিকনী গৰাকীৰ হাততেই পৰিয়ালৰ সদস্য সকলৰ স্বাস্থ্যৰ চাবিকোচা থাকে।দেহা থাকিলেহে বেহা।গতিকে সেই দেহাটো চলিবলৈ আমাক ইন্ধনৰ প্ৰয়োজন। কাৰণ আমাৰ গাড়ী বহুদিনলৈকে দৌৰাব লাগিব। গতিকে আমি সুষম আহাৰ গ্ৰহণ কৰিব লাগিব। সেয়েহে মই খাদ্য ৰন্ধাৰ সময়ত সদায় ক’ম তেলত আৰু কম জুইত খাদ্য ৰান্ধো।বজাৰৰ পৰা অনা মছলা খাদ্যত ব্যৱহাৰ কৰাতকৈ আদা,তেজপাত,নহৰু, পিয়াঁজ,জিৰা ধনীয়া আদি মচলাৰে খাদ্য সমূহ ৰান্ধো।তাৰোপৰি ৰান্ধনীশালৰ তিনিটা বগা বস্তুৰ পৰা মানে নিমখ,চেনী,ময়দাৰ পৰা সদায় কম বেছি পৰিমাণে দূৰত্ব বজাই ৰখাটো অত্যন্তয়ে দৰকাৰ। বতৰৰ ফল মূল দৈনন্দিন তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰা আদি কৰি দিনটোত অলেখ অযুত কামেৰে শালখন ভৰি থাকে। আকৌ কেৱল শালখনত খাদ্য ৰান্ধিলেইটো নহ’ব সেইখন চাফ-চিকুন কৰি ৰখাৰ দায়িত্বও আমাৰেই।বিচাৰিলেই হাততেই পোৱাকে ‘পাকঘৰ বাগিছা’ এখনো কৰি লৈছো।যাতে মন গ’লেই মানিমুনি,নৰসিংহ,ধনীয়া,পদিনা পাব পাৰো।আকৌ নেমু পাবলৈ দিগদাৰ হোৱা দিনত কামত আহিবলৈ বগৰী গুড়ি,ঔটেঙাৰ গুড়ি গোটাই থওঁ।এইখিনি মোৰ একান্তই নিজৰ।ইয়াৰ মাজতে মই সুখ বিচাৰি পাওঁ।
সততে এটাৰ প্ৰশ্নৰ মুখামুখী হ’ব লগা হয় যে মই কি কৰো?প্ৰথমে বেয়া লাগিছিল,কিন্তু যিদিনাই ভাবিলো মই কি নকৰো।পুৱা উঠি গা-ধুই,ঘৰ সৰা মছা কৰি পুৱাৰ আহাৰ তৈয়াৰ কৰো।তাৰ সমানে সমানে পৰিয়ালৰ স্বাস্থ্যৰ কথা চিন্তা কৰি ভাতৰ কাহীখন কেনেদৰে ৰং-বিৰং কৰিব পাৰি তাৰ চিন্তা কৰো।মানুহজনক সময়মতে কৰ্মস্থলীলৈ পঠিয়াব পাৰো।ছোৱালীজনীৰ দায়িত্ব ল’ব পাৰো।তাৰে মাজত ঘৰলৈ অহা অতিথিক সুন্দৰ ভাবে আপ্যায়ন কৰিবলৈ যত্ন কৰো।নকৰো কেৱল চাকৰি।কাৰণ মই যে শালখনৰ মালিকনী।