পশ্চিমবংগত বিশাল নিৰ্বাচনী সমাৱেশ সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পশ্চিমবংগত বিশাল নিৰ্বাচনী সমাৱেশ সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিমবংগত লোকসভা নির্বাচন উপলক্ষে বর্ধমান, কৃষ্ণনগৰ আৰু ৰাণাঘাটত আয়োজিত বিশাল নির্বাচনী সমাবেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসকীয় তৃণমূল কংগ্ৰেছৰ লগতে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়।অভিলেখসংখ্যক মহিলাৰ উপস্থিতি থকা সমাবেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ চৰকাৰ আৰু কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিজেপিৰ প্ৰাৰ্থীক ভোটদানৰ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে এইবেলি নির্বাচনত কংগ্ৰেছ দলে ৫০খনো আসন নাপায় বুলি কয়। তদুপৰি পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছে কিমানখন আসন পাব, সেই সন্দর্ভত প্রশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্রেছে ১৫খনতকৈ অধিক আসন নাপায় বুলি দাবী কৰি বিৰোধীয়ে কিদৰে চৰকাৰ গঠন কৰিব বুলি সমালোচনা কৰে। সন্দেশখালীত কি ঘটিছে, কি উদ্ধাৰ হৈছে সেই সকলোবোৰ ৰাজ্যবাসীয়ে দেখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ কাৰ্যকালত শান্তি-শৃংখলা নিম্নগামী হৈছে বুলি সমালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে। ইপিনে ‘কা’ সন্দৰ্ভত মুখ্যমন্ত্রী মমতা বেনার্জীক সমালোচনা কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়- মতুৱাৰ ন্যায় বিচাৰৰ কাৰণে আমাৰ চৰকাৰে ‘কা’ আনিছে। সকলোৱে ভাবিছিল তৃণমূল কংগ্ৰেছে সমৰ্থন কৰিব। কিন্তু তেওঁলোকে ভোটবেংকৰ ৰাজনীতি কৰিছে। ‘কা’ৰ বিৰোধিতা কৰিছে। তৃণমূলে এটা কথা জনা উচিত যে ‘কা’ তেওঁলোকে বন্ধ কৰিব নোৱাৰে। মতুৱাই সকলো চৰকাৰী প্ৰকল্পৰ সুবিধা পাব। কোনেও বন্ধ কৰিব নোৱাৰে। বংগৰ শাসকীয় চৰকাৰক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দৰিদ্ৰৰ ৰেচনো তৃণমূলে এৰা নাই। সকলোতে দুর্নীতি। তৃণমূল তথা ইণ্ডিজোঁটৰ ওপৰত নাগৰিকৰ আস্থা হেৰাইছে।