দুৰ্বৃত্তৰ আক্ৰমণত আহত খিতেই কাই খ্যাত অভিনেতা দ্বীপজ্যোতি ডেকা

দুৰ্বৃত্তৰ আক্ৰমণত আহত খিতেই কাই খ্যাত অভিনেতা দ্বীপজ্যোতি ডেকা

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত ভঙা টিভি তথা খিতেই কাই খ্যাত অভিনেতা দ্বীপজ্যোতি ডেকা।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ভাঙা টিভি চেনেলটোৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা খিতেই কাই খ্যাত দ্বীপজ্যোতিক দুৰ্বৃত্তই কাঁচৰ বটলেৰে মূৰত আৰু হাতত বেয়াকৈ আঘাত কৰে। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অভিনেতাগৰাকীক তাৎক্ষণিকভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত নিশাৰ ভিতৰতে উন্নত চিকিৎসাৰ বাবে দ্বীপজ্যোতিক বাইহাটা চাৰিআলিৰ চিগনাচ হাস্পতালত ভৰ্তি কৰে। হাস্পতালখনৰ আইচিইউত ভৰ্তি কৰোৱা হয় ইউটিউবাৰ তথা কৌতুক অভিনেতাজনক। হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে তেওঁ সম্প্ৰতি বিপদমুক্ত । অৱশ্যে দুই-তিনিদিন হাস্পতালতে থাকি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব । কিন্তু কি কাৰণত দুৰ্বৃত্তই দ্বীপজ্যোতি ডেকাক প্ৰহাৰ কৰিলে সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত ।মঙলদৈ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তত হে সকলো তথ্য পোহৰলৈ আহিব । ইফালে এই ঘটনাটোক লৈ মঙলদৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।