ওৰণি – অনিতা গগৈ

ওৰণি
অনিতা গগৈ, নগাওঁ
অসমীয়া সমাজত চাদৰৰ আঁচলেৰে বিবাহিত মহিলাই  মূৰ ঢাকি লোৱাকে ওৰণি বোলে৷কিছুমান মহিলাই মূৰৰ সম্পূৰ্ণ চুলি ঢাকি কপালৰ আগলৈকে ওৰণি লয় ৷ কিছুমান মহিলাই কেৱল খোপাটো ঢাকি ওৰণি লয়  আন কিছুমানে  মূৰৰ আধা চুলি ওলোৱাকৈ ওৰণি লয় ৷প্ৰাচীন গ্ৰীচত মহিলাসকলে বিনয় আৰু সন্মানৰ চিন হিচাপে ওৰণি ব্যৱহাৰ কৰিছিল ৷ৰোমান সাম্ৰাজ্যত বিবাহিত মহিলাসকলে ওৰণি ব্যৱহাৰ কৰিছিল ৷মধ্য প্ৰাচ্য /এছিয়া /আফ্ৰিকাৰ কিছু অংশকে ধৰি বহু পৰম্পৰাগত সমাজ ব্যৱস্থাত ওৰণি লোৱা প্ৰথা আছে৷ ইছলাম ধৰ্ম আৰু খ্ৰীষ্টান  ধৰ্মৰ পৰম্পৰাতো মুখ আৰু মূৰ ঢাকিবলৈ ওৰণিৰ দৰে বস্ত্ৰ ব্যৱহাৰ কৰে৷ওৰণি শব্দটো অসমীয়া সমাজত আগৰে পৰা প্ৰচলন আছে ৷ চাদৰৰ আঁচলেৰে ওৰণি লোৱা হয় ৷ অন্য কিছু দেশত মূৰত পিন্ধিবৰ বাবে বেলেগ এটুকুৰা কাপোৰ ব্যৱহাৰ কৰা হয় ৷ওৰণিৰ লগত ইয়াৰ সাদৃশ্যহে আছে কিন্তু পদ্ধতি একে নহয়৷ভাৰতবৰ্ষত ওৰণিৰ সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য আছে ৷ইয়াক সাংস্কৃতিক নীতি নিয়মৰ প্ৰতি সন্মানসূচক হিচাপে ব্যৱহাৰ কৰা হয় ৷ আগৰ অসমীয়া সমাজত  দেখা গৈছিল বয়োজেষ্ঠ্যজনৰ আগত বোৱাৰীয়ে ওৰণি লৈছিল ৷ জেষ্ঠজন ঘৰলৈ আহিলে  ঘৰৰ বোৱাৰী গৰাকীয়ে ওৰণি লৈহে ওলায় ৷ আগৰ দিনৰ বিবাহিত মহিলাৰ মুৰত ঘৰতে হওক বা বাহিৰলৈ যাওতেই হওক ওৰণিটো থাকেই ৷ বয়সষ্ঠ মহিলা সকলেও মূৰত ওৰণি নোলোৱাকৈ নাথাকিছিল ৷নামঘৰলৈ গ’লে আয়তীসকলে মূৰত ওৰণি লৈহে গৈছিল ৷ বিয়া-বাৰু , পূজা-পাৰ্বণ আদিলৈ গ’লে মহিলা সকলে মূৰত ওৰণি লৈ গৈছিল ৷ সকাম পাতিলে নতুবা ধৰ্মীয়  কাম কাজত  মহিলাসকলে চাদৰৰ ওপৰতে  চেলেং চাদৰ এখন লৈছিল আৰু সেইখনেৰে মূৰৰ চুলি ঢাকি ওৰণি লৈছিল৷ অতীতত অসমীয়া  সমাজত বিবাহিত মৰিলাই মূৰৰ ভূষণ হিচাপে ওৰণিক  ব্যৱহাৰ কৰিছিল বৰ্তমান তেনেকুৱাকৈ ওৰণি লোৱা মহিলা দেখিবলৈ পোৱা নাযায়৷কেৱল সকাম বা ধৰ্মীয় অনুষ্ঠানতহে ওৰণি লয় এইয়া যুগৰ পৰিবৰ্তন৷আগৰ অসমীয়া সমাজত বিয়া হৈ অহা পাছত কইনাজনিয়ে ওৰণি লৈয়েই থাকিব লাগিছিল ৷ এতিয়া তেনে বাধ্য বাধকতা  সমাজত নাই৷যাৰবাবে ওৰণি লোৱা মহিলা খুব কম সংখ্যকহে দেখিবলৈ পোৱা যায়৷জনজাতীয় সম্প্ৰদায়ত দেখা যায় বিবাহিত মহিলা সকলে গামোছাখনেৰে মূৰৰ চুলি ঢাকি খোপা বান্ধি লয় ৷ আজিকালি গামোচাখনে মুৰটো ঢাকি ওৰণিৰ দৰে ব্যৱহাৰ কৰা দেখা যায় ৷ওৰণি লোৱাটো অসমীয়া সাংস্কৃতিক প্ৰতীক তথা ঐতিহ্য পৰম্পৰাৰ৷কিছুমান বিশেষ অঞ্চলত প্ৰৱল সূৰ্যৰ পোহৰ বা অত্যন্ত ধূলিৰ বাবে বহুতো মহিলাই ওৰণি লৈ নিজকে সুৰক্ষিত অনুভৱ কৰে ৷ কিছুমান মহিলাই ওৰণি লৈ অবাঞ্চিত মনোযোগৰ পৰা সুৰক্ষা পোৱা বুলি অনুভৱ কৰে৷যি কি নহওক বিয়াৰ দৰে বিশেষ অনুষ্ঠানৰ লগত ওৰণি  জড়িত হৈ থাকে৷জোৰোণ সময়ত কইনাক বাহিৰলৈ উলিয়াই আনোতে মুৰত ওৰণিখন দি আনে৷হোমৰ গুৰিত কইনাৰ মুৰত ওৰণিখন লৈ থকাটো নিয়ম৷মাকে জোৰোণৰ মানুহ আদৰি আনোতে নতুবা দৰা আদৰিবলৈ যাওতে চেলেং চাদৰেৰে মুৰত ওৰণি লৈ যোৱাতো নিয়ম৷অৱশ্যে এই নিয়মবোৰ লাহে লাহে অতীতৰ বুকুত হেৰাই যাবলৈ ধৰিছে ৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে সকলো পৰিবৰ্তন হোৱাটো স্বাভাৱিক ৷
error: Content is protected !!