হেৰাল পোহৰৰ বাট
মধুস্মিতা শৰ্মা, সোণাপুৰ
বঙিয়াই বঙিয়াই খোজ বোলোতেই
হেৰাল পোহৰৰ বাট,
অন্ধকাৰত পোত গ’ল
বেলি ওলোৱা পথাৰ,
দৈত্যকায় শিল বালিৰ মূৰ্ত্তিবোৰে
পী খালে সেউজীয়া চানেকী ।
তাহানিৰ সেই টুনী চৰাইজাকো
নজনা নুশুনাকৈয়ে হেৰাল,
ৰোৱনী-দাৱনীৰ তজবজীয়া
চেহেৰাবোৰ
আকাল আৰু তোষামোদত
হালে-ছালে লাগিল,
সাৰিয়াৰ কান্ধত ধাৰৰ বোজা
লেৰেলী শুকাল আশাৰ ফেঁহুজালি
পথাৰৰ মাজৰ সৰু আলিবোৰৰ সৈতে
নোহোৱা হ’ল হালধীয়া জোনৰ হাঁহিবোৰো,
এনেকৈয়ে শেষ হ’ল সুখৰ হাঁহিবোৰ,
তথাপিও বাট চাওঁ, কিয়নো…
শীতত নাঙঠ হোৱা গছত
বসন্তত কুঁহিপাতে মিচিকিয়াই ।