উজনিৰ নাচনী নামনিৰ ঢুলীয়া
ছেলিমা বেগম, নগাঁও
মই নাচনী উজনিৰ ,তই ঢুলীয়া নামনিৰ,
ঢোল, পেঁপা, গগণা লৈ ওলালোঁ
বিহুতলীত কঁকাল ঘুৰাই ঘুৰাই নাচি
নাচি বিহু মাৰিম মধ্য অসমত।
আ ঐ আ অসমীয়া সদিয়াৰ পৰা ধুবুৰীৰ
অসমীয়া হাতত বিহুৱান খন লৈ
ঢোল বজাব ঢুলীয়া, গগণা খোপাতে
গুঁজি লৈ ওচৰত থাকিব নাচনী।
পেঁপা বজাই আনন্দ উপভোগ কৰিব
ডেকা গাভৰুৱে বিহু তলিত গীত গাই
ৰঙতে বিভোৰ হৈ থাকিব অসমবাসী
ব’হাগৰ বিহুৰে বতৰা পাই।
চেনাই ধন আহিব বুকুৰ মৰম দিবলৈ
হাততে জেতুকা লগাই খোপাতে
কপৌফুল লগাই থুৰীয়া তামোল খন
লৈ ওলালোঁ বিহুতলীত এপাহ নাচ দিবলৈ।
বিহু আমাৰ অসমীয়াৰ স্বাভিমান
বিহু আমাৰ সমাজত থাকিব সদায়
বিহুৰ দিম আমি মৰ্য্যদা সদায়
হবলৈ নিদিওঁ আমি ইয়াক কেতিয়াও নির্য্যদা ।