ডিব্ৰুগড় জিলাত  ড্ৰাই দে ঘোষণা

ডিব্ৰুগড় জিলাত  ড্ৰাই দে ঘোষণা
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত অহা ১৭ এপ্ৰিল সন্ধিয়া ৫ বজাৰ পৰা ১৯ এপ্ৰিল সন্ধিয়া ৫ বজালৈ আৰু অহা ৪ জুন ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে। এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব।  এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু ইয়াৰ অধীনস্থ নিয়মাৱলী অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।