নিৰ্বাচন আৰু নেতাৰ পৰিচয়
কমলেশ কাঞ্চন
বৰ্তমান অসমৰ চৌদিশে বৈছে মাথোঁ নিৰ্বাচনৰ উষ্ণ বতাহ। এই নিৰ্বাচনী ঢৌত উটি ভাহি গৈছে ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী- মহাৰথী। দিন গৈ আছে আৰু ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ একাংশ ৰাজনৈতিক নেতাৰ মুখৰ ভাষা নিম্ন পৰ্যায়লৈ গতি কৰিছে। এজনে আনজনক নিম্ন পৰ্যায়ৰ নেতা বুলি প্ৰতিপন্ন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। আৰু এই বাক- বিতণ্ডাত আমি কেৱল নীৰৱ দৰ্শক হৈ ৰৈ আছোঁ! এতিয়া দেশৰ বাতাবৰণ এনেকুৱা হৈছে যে আমি নেতাৰ পৰিচয় বা চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে অধ্যয়ন কৰাৰ প্ৰয়োজন নাই; তেওঁলোকে নিজে এজনে আনজনৰ পৰিচয় দিবলৈ আগুৱাই আহিছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত বহুতেই টিকট নাপাই দলৰ বিষয়বাব তথা দলত্যাগ কৰিছে। একাংশই আকৌ বিৰোধী দলত যোগদান কৰিছে। ৰাজনৈতিক সভা- সমিতিবোৰত বোকা ছটিওৱা কাৰ্য তথা বাক্যবান(সকলো নহয়) ইমানেই তললৈ গৈছে যে এতিয়া আৰু ৰাইজে নেতা সকলৰ বিষয়ে বিশেষভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন নাই; সকলো জানিবলৈ সক্ষম হৈছে। কোনোবাই যদি অতীতৰ ক’লা অধ্যায় প্ৰকাশ কৰাৰ ভাবুকি দিছে কোনোবাই আকৌ বিৰোধী নেতাজনে ক্ষমতাত থাকোঁতে কৰা বেয়া কাম প্ৰকাশৰ ইংগিত দিছে। অৱশ্যে তাৰ মাজতো বহুতেই মূল্যবোধৰ ৰাজনীতিৰ কথা কৈ আছে। জনসাধাৰণে এতিয়া সঠিক সিদ্ধান্ত লোৱাৰ বাবে বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই। নিৰ্বাচন ৰাইজৰ বাবে নেতা চিনি পোৱাৰ এক সহজ মাধ্যম হিচাপে পৰিণত হ’ল। তথাপিও জন প্ৰতিনিধি বাছনিৰ ক্ষেত্ৰত অধিক মাছত বগলী কণা হোৱাৰ দৰে প্ৰায়ে ভুল কৰো আমি; এইবাৰ অসমীয়া ৰাইজে নেতা চিনি লৈ ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি আশাৰে বাট চাই ৰ’লো।