পুৰণি ঘৰখন – সত্যজিৎ গগৈ

PC Pixabay
পুৰণি ঘৰখন
সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও
মই সৰু হৈ থকা সময়ৰ কথা।কথাবোৰ অলপ অলপকৈ মনত আছে।বয়স প্ৰায় ৫/৬ বছৰ হ’ব।ঘৰখনত ককা, আইতা, বৰদেউতা, বৰমা, খুৰা, খুৰী হঁতৰ সৈতে এটি যৌথ পৰিয়াল।বাৰীখনত ককাই কৰা খেতিৰ পাচলিৰে উভৈনদী।তেতিয়া বেচা-কিনাতকৈ বিনিময় প্ৰথাহে বেছি চলিছিল।মোনাৰ প্ৰয়োজনো খুওৱ কম হৈছিল।মানুহে তামোলৰ ধকুৱাৰে বেগ তৈয়াৰ কৰি লৈছিল। সেই সময়ত আমাৰ ঘৰখন আছিল খেৰ,নৰা আৰু টকৌ পাতেৰে চোৱা।খুঁটাবোৰ আছিল কাঠৰ।ধুনীয়াকৈ বাটাম দি ককাই সাঁজিছিল ঘৰখন।মানুহৰ মনত আছিল আন্তৰিকতা আৰু ভালপোৱা।মানুহে প্ৰেমৰ কঠীয়া সিঁচিব জানিছিল।খোৱা-বোৱাও সকলো সদস্যই একেলগে একে সময়তে বহি কৰিছিল।জুহালৰ কাষতে কাঠেৰে তৈয়াৰী এখন ওখ চাং আছিল।য’ত ককাই কৰা খেতিৰ ফচল সমূহ ৰাখিছিল।যেনে আলু,ৰঙালাও আদি।লগতে আইতাই বিহুলৈ বুলি তৈয়াৰ কৰা সান্দহ,মুৰিৰ কলহ কেইটাও তাতেই উঠাই থৈছিল।আমি পীড়া যোৰা লগাই উঠি মনে মনে সান্দহ আৰু মুৰি শুকানে শুকানে খাইছিলোঁ।বাৰীত শিলিখা,বগৰী,জলফাই,অমৰা,ৰবাৱ টেঙা,আমলখি আদি ফলমূলৰ গছেৰে ভৰি আছিল।আমি পুৱাতেই উঠি সেই তল সৰা ফল সমূহ বুটলিছিলোঁ। নিজেও খাইছিলোঁ আনকো দিছিলোঁ।ঘৰলৈ আলহী আহিলে আমাৰ কি যে স্ফুৰ্তি লাগিছিল।ভাষাৰে বুজাই শেষ কৰিব নোৱাৰি।ঘৰৰ পিচফালৰ পথাৰখনত মাছ উভৈনদী আছিল। আইতাই জুহালত কেৰাহী পাতিও জাকৈখন লৈ মাছ ধৰি আনিছিলগৈ।মাছ ধৰি আনে মানে কেৰাহীও গৰম হৈ গৈছিল।ন-খোৱা পৰ্ৱ,খেতি উঠোৱা পৰ্ৱ,ন-ভূঁই,হাঁউৰি মতা,বিবাহ,সকাম আদি যিকোনো অনুষ্ঠানতেই সকলোৱে সহায় সহযোগ কৰিছিল।আন্তৰিকতাৰে ভৰা এখন ধুনীয়া সমাজ আছিল।সকলোৱে সকলোকে সন্মান কৰিব জানিছিল।আনুষ্ঠানিক শিক্ষা বৰ বেছি নাছিল যদিও সামাজিক শিক্ষা যথেষ্ট আছিল।এতিয়াৰ আনুষ্ঠানিক শিক্ষাই তেতিয়াৰ সামাজিক শিক্ষাক কেতিয়াও চেৰ পেলাব নোৱাৰিব।তেতিয়া অৱশ্যে সকলো মানুহেই কৰ্মঠ আছিল।কৰ্ম কৰি খাইছিল।এতিয়াৰ দৰে অন্যায়,হিংসা,প্ৰতি হিংসা আদিও নাছিল।কিন্তু পৰিৱৰ্তনশীল সময়ে আমাক লাহে লাহে সেই ব্যৱস্থাৰ পৰা আঁতৰাই আনিলে।এতিয়া সেই খেৰৰ ঘৰবোৰ নাইকিয়া হ’ল।বিল আছে কিন্তু মাছ নোহোৱা হ’ল।বাৰী আছে কিন্তু খেতি নকৰা হ’ল।সকলো ব্যক্তিকেন্দ্ৰীক হ’ল।মইবৰ ভাৱে সকলো সমাজ ব্যৱস্থাকেই ধ্বংসৰ গৰাহলৈ ঠেলি পঠিয়াইছে।পুৰণি ঘৰখনৰ লগত কিমান যে আবেগ সোমাই আছিল।এতিয়া সকলো ঘৰ পকী হ’ল সঁচা কিন্তু মানুহৰ মনবোৰহে পকী নহ’ল।হেৰাই গ’ল পুৰণি ঘৰখনৰ লগত থকা মধুৰ সম্পৰ্ক।