মূৰ্তি শ্ৰেষ্ঠ নে মানুহ ?
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
হিৰক আৰু নৱ দুই ভাইককাইকে ৷ নৱই মূৰ্তি পূজাত অৰ্থাত ঈশ্বৰবাদত বিশ্বাসী আৰু হিৰক সত্যবাদিতাত বিশ্বাসী অৰ্থাত মানৱ ধৰ্মত বিশ্বাসী ৷ এজনে মূৰ্তিৰ মাজত ঈশ্বৰক বিচাৰি পায় আৰু আনজনে মানুহৰ মাজত ঈশ্বৰক বিছাৰি পায় ৷ ঈশ্বৰ,ভগৱানৰ নামকলৈ দুয়োজনৰ মাজত প্ৰায়ে ৱাক বিতৰ্ক চলে ৷ এজনৰ মতে মোৰ ধৰ্ম শ্ৰেষ্ঠ আৰু আনজনৰ মতে মোৰ ধৰ্ম শ্ৰেষ্ঠ ৷ এজনে দিনৰদিনটো কেৱল মন্দিৰ দৰ্শন কৰি ধৰ্মীয় ৰীতিনীতি কৰি থকাত ব্যস্ত আৰু এজনে সত্যক ভগৱান হিচাপে প্ৰাধান্য দি দহৰ হকে সমাজৰ হকে নিজকে বিলীন কৰি কৰ্ম কৰি থকাত ব্যস্ত ৷ এতিয়া কথা হ’ল মানুহ এজনক অবহেলা কৰি পূজা পাতাল কৰি ধৰ্ম কৰা শ্ৰেষ্ঠ নে? মানুহক ভগৱান জ্ঞান কৰি মানুহৰ উপকাৰৰ হকে কৰ্ম কৰাটো শ্ৰেষ্ঠ ? মানুহে মূৰ্তি বনাইছে আৰু মানুহক ভগৱানে বনাইছে,ভগৱানৰ অংশ মানুহ আমি কাক পূজা কৰা উচিত ? শ্ৰীমদ্ভাগৱতগীতাত উল্লেখ আছে কৰ্মতকৈ জ্ঞান শ্ৰেষ্ঠ ৷ বাক্যশাৰীত কি বুজোৱা হৈছে ? কিছুমানৰ মতে কৰ্মই ধৰ্ম ৷ আমি কৰ্ম কৰি আছোঁ অহৰহ ভাৱে কিন্তু যদি আমি নেজানো আৰু যদি আমাৰ জ্ঞান নাই যে কি কৰ্ম শুদ্ধ আৰু কি কৰ্ম অশুদ্ধ তেতিয়াও জানো ক’ব পাৰি কৰ্মই ধৰ্ম বুলি ৷ কৰ্মৰ নামত অন্ধভক্ত হয়ো কাম নাই যদি কৰ্মৰ শুদ্ধতাৰ জ্ঞান নাথাকে ৷ নিশ্চিতভাৱে যিটো কৰ্মই আমাক সন্তষ্টি দিয়ে সেই কৰ্মই আমাৰ শ্ৰেষ্ঠ জ্ঞান হয় কিন্তু অপৰাধী এজনক অপৰাধে সন্তষ্টি দিয়ে তেতিয়া অপৰাধীজনৰ কৰ্মকো শ্ৰেষ্ঠ বুলি মানি লব নেকি ? ভক্তি কৰা উচিত কিন্তু অন্ধভক্ত হোৱা অনুচিত ৷ জ্ঞান লৈ ভক্তি কৰিলেহে সমাজ তথা মানুহৰ মংগল হ’ব ৷