বিশ্ব ধৰিত্ৰী দিৱস – বন্দিতা শৰ্মা কন্দলি

বিশ্ব ধৰিত্ৰী দিৱস

বন্দিতা শৰ্মা কন্দলি

” ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায়”

সুধাকণ্ঠ ড ভূপেন হাজৰিকাই তেওঁৰ”হে মোৰ ধৰিত্ৰী আই” গীতটিৰ জৰিয়তে জনসাধাৰণক ধৰিত্ৰীক আইৰ সমান ভালপাবলৈ কৈ গৈছে। ধৰিত্ৰী আই সুস্থ সবল হৈ থাকিলেহে আমিও সুস্থ হৈ থাকিব পাৰিম।

১৯৬৯ চনত চান ফ্ৰান্সিস্কʼত হোৱা ইউনেস্কোৰ এক আলোচনাচক্ৰত শান্তি উদ্যোগী জন মেককলেনে শান্তিৰ ভাব আৰু পৃথিৱীৰ প্ৰতি সন্মানাৰ্থে বছৰৰ এটা দিনত ধৰিত্ৰী দিৱস পালনৰ বাবে প্ৰস্তাৱ দিয়ে। সেই মৰ্মেই ১৯৭০ চনৰ ২১ মাৰ্চত প্ৰথম বাৰৰ বাবে এই দিৱস উদযাপন কৰা হয়। ১৯৭০ চনৰ ২২ এপ্ৰিলত আমেৰিকান চিনেটৰ গেʼলৰ্ড নেলচনৰ উদ্যোগত অন্য এক ধৰিত্ৰী দিৱস পালন কৰা হয়। ১৯৯০ চনত ডেনিচ হেইচৰ উদ্যোগত এই দিৱস আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু প্ৰথম ১৪১ খন দেশে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ আহ্বানত বৰ্তমান বিশ্বৰ ১৯৩ খন দেশে প্ৰতি বছৰে ২২ এপ্ৰিলত এই দিৱস উদযাপন কৰি আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্যসূচীৰে ধৰিত্ৰী সপ্তাহ পালন কৰে। প্ৰতি বছৰে একোটা বিশেষ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ধৰিত্ৰী দিৱসটো পালন কৰা হয়। ২০২২ চনৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু আছিল প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা।২০২৩ বৰ্ষৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু আছিল আমাৰ গ্ৰহটোৰ বাবে বিনিয়োগ কৰো আহা (Invest in our planet). এই বছৰ অৰ্থাৎ ২০২৪ বৰ্ষৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক বনাম পৃথিৱী(planet VS plastics) ।

বৰ্তমানৰ যুগটো প্লাষ্টিকৰ যুগ বুলি কোনো কোনোৱে অভিহিত কৰিব বিচাৰে। আমি আমাৰ ঘৰখনলৈ মন কৰিলেই গম পাম যে আমি প্লাষ্টিকৰ মাজতেই আছোঁ নহয়নে বাৰু? কিন্তু এই প্লাষ্টিক আমাৰ ধৰিত্ৰী খনৰ বাবে বৰ বিহ। প্লাষ্টিক সহজে পচি নাযায় গতিকে গোটা আৱৰ্জনা হিচাবে প্লাষ্টিকে প্ৰদূষণৰ সৃষ্টি কৰে।ই সম্পূৰ্ণৰূপে পুৰি নাযায়। প্লাষ্টিক পুৰিলে প্লাষ্টিকে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায়।আমাৰ পৃথিৱীখন বসবাসৰ উপযোগী কৰি ৰাখিবলৈ হ’লে আৱৰ্জনা মুক্ত কৰি ৰাখিব লাগিব। তাৰ বাবে আমি প্লাষ্টিকৰ বস্তু ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’ব লাগিব। প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ কমাই কাপোৰ, মৰাপাট আদি ৰে তৈয়াৰী মোনা ব্যৱহাৰ কৰিব পাৰি। আমি আমাৰ ধৰিত্ৰী আইক যদি সচাঁকৈয়ে ভাল পাওঁ তেতিয়া হ’লে আমি দায়িত্বশীল সন্তান হিচাপে 4R নীতিটো সদায় মনত ৰাখিবলৈ চেষ্টা কৰিম দেই। নীতিটো হৈছে হ্ৰাস কৰা (Reduce),পুনঃব্যৱহাৰ কৰা (Reuse) ,পুনৰাবৰ্তন কৰা(Recycle )আৰু পুনৰুদ্ধাৰ কৰা(Recover)।

প্লাষ্টিকৰ ব্যৱহাৰ কমাবৰ বাবে আমি ষ্টীলৰ পানী বটল, ষ্টীলৰ টিফিন বাকচ,বজাৰৰ বাবে কপাহী বা মৰাপাট আদি ৰ মোনা লগত ৰাখিব লাগে। অতি প্ৰয়োজনীয় বিষয়টোৱেই হৈছে গছ ৰোপণ কৰি প্ৰতিপালন কৰিব লাগিব। দ্বিতীয়তে এই দিৱস সফল তেতিয়া হে হ’ব যেতিয়া পৰিবেশ সুৰক্ষাৰ বিষয়ে জনসাধাৰণৰ মনত সজাগতাৰ ভাব জাগি উঠিব। পৰিবেশ সুৰক্ষাৰ প্ৰতি নতুন নতুন পদক্ষেপ ল’বলৈ উৎসাহিত কৰিবলৈ সজাগতা সভা, বাটৰ নাট আদি কৰিব পাৰি।যিমান সম্ভৱ, প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিবলৈ আজিয়েই সংকল্প লও আঁহা।