বিশ্ব হিন্দু পৰিষদ-সনাতনী হিন্দু আৰ্মীৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা

বিশ্ব হিন্দু পৰিষদ-সনাতনী হিন্দু আৰ্মীৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব হিন্দু পৰিষদৰ ফেঞ্চী বজাৰ কমিটীয়ে গুৱাহাটীৰ মাছখোৱাৰ লাচিত ঘাতৰ পৰা ৰাম নৱমী মহোৎসৱ উপলক্ষে আজি এক শোভাযাত্ৰা উলিয়ায়। এই যাত্ৰা লাচিত ঘাতৰ পৰা আৰম্ভ কৰি কুমাৰপাৰা, আঠগাঁও, এ টি ৰোড, পানবজাৰ হৈ ফেন্সী বজাৰ শৰ্মা চুইষ্টত সমাপ্ত কৰে আৰু ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰে। উক্ত কাৰ্যসূচীত ফেঞ্চী বজাৰ বিশ্ব হিন্দু পৰিষদ কমিটীৰ সভাপতি হেমৰাজ শৰ্মা, সম্পাদক সঞ্জয় শৰ্মা, আহ্বায়ক প্ৰভাত শৰ্মা, প্রভাৰি সুশীল বিয়াছ আৰু সংৰক্ষক প্ৰমোদ চৌধুৰীৰ নেতৃত্বত মটৰ চাইকেল, স্কুটাৰ, ই ৰিক্সা, কাৰ ইত্যাদি লৈ প্ৰায় ২৫০ জন মান ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে৷আনহাতে, ৰাম নৱমী মহোৎসৱ উপলক্ষে সনাতনী হিন্দু আৰ্মী গুৱাহাটীৰ উদ্যোগত সেই একে বিশাল ধৰ্মীয় শোভাযাত্ৰা কৰে।উক্ত ৰেলী আঠগাঁও গোশালাৰ পৰা চেৰাবভাতী,ডি জি পি অফিচৰ সন্মুখ হৈ, উলুবাৰী বি বৰুৱা ৰোডেৰে আমবাৰী, দীঘলীপুখুৰী, পান বজাৰ, ফেঞ্চী বজাৰ, মাছখোৱা, কুমাৰপাৰা হৈ গোশালাত সমাপ্ত কৰে। ৰেলীত সনাতনী হিন্দু আৰ্মীৰ সেনা প্ৰমুখ মনোজ ডেকা, সভাপতি দীনেশ পাৰিখ, সম্পাদক সিদ্ধাৰ্থ পাৰিখ, কোষাধ্যক্ষ অমিয় কুমাৰ সহ প্ৰায় ৫০০ জন মান ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰে।