গৰু বিহু – সত্যজিৎ গগৈ

Pc UB Photos
গৰু বিহু
সত্যজিৎ গগৈ,
কলিয়াবৰ
পুৱা সোনকালে উঠি মুখখন ধুই আগদিনাই চাঁচি থোৱা বাঁহৰ চাক কেইডালত লাও,বেঙেনা,কেৰেলা,থেকেৰা আদি শিঙি লোৱা হয়।লগতে মাখিয়তীৰ ডাল কেইটামান আনি চালনী এখনত আগলি কলপাতৰ ওপৰতে ধুনীয়াকৈ সঁজাই লোৱা হয়।তাৰ পিচত ৰাতিয়ে তিয়াই থোৱা মাটিমাহৰ সৈতে কেঁচা হালধি পিচি আনি মিঠাতেল অলপ ঢালি লৈ গোহালিৰ গৰু কেইটাৰ কপালত ফুট দি গোটেই গাটোতে সানি দিয়া হয়।তাৰ পিচত মাখিয়তী পাতেৰে মহ-মাখিবোৰ খেদোৱা হয়।তাৰ পিচত ওচৰ চুবুৰীয়াৰ সৈতে নিজৰ নিজৰ গৰুবোৰ লৈ গা ধুৱাবলৈ পথাৰলৈ লৈ যোৱা হয়।কোনোৱে আকৌ বাল্টি,লাহনী আদিও লৈ যায়।গৰুক গা ধুৱাবৰ সুবিধাৰ বাবে।পথাৰলৈ গৰুবোৰ নিওঁতে চাৰিওফালে মানুহবোৰ ৰৈ মাজে মাজে গৰুবোৰক যাবলৈ দিয়া সেই দৃশ্যটো চাই বৰ ভাল লাগে।পথাৰ পোৱাৰ লগে লগেই সকলোৱে জয় ধ্বনি দি “লাও খা,বেঙেনা খা,বছৰি বছৰি বাঢ়ি যা,মাৰে সৰু বাপেৰে সৰু,তই হ’বি বৰ গৰু” বুলি কৈ গৰুৰ গালৈ চাকৰ পৰা লাও,বেঙেনাবোৰ দলিয়াবলৈ ধৰে।মাজে মাজে গৰুৰ গাৰ বিপৰীতে ধেমালিতে ইটোৱে সিটোৰ গালৈও দলিয়াই আনন্দ কৰে।গা ধুৱাই শেষ হোৱাত হালোৱা গৰু কেইটাক গোহালিত বন্ধা পুৰণি ৰছীডাল হালোৱা এচাৰি ডালতে মেৰিয়াই গৰুৰ ভৰিৰ তলেৰে দলিয়াই দিয়াৰ নিয়মো পালন কৰা হয়।পথাৰৰ পৰা গৰু গা ধুৱাই আহোতে ইজনে সিজনৰ সৈতে চাকবোৰ সাল-সলনি কৰি লয়।ইও এক নিয়ম।তাৰ পিচত ঘৰলৈ আহি বাৰীৰ গছত ওলমি থকা আমৰলি পৰুৱাৰ বাঁহ কেইটা ভাঙি তাৰ পৰা টোপবোৰ উলিয়াই লৈ ৰান্ধি খোৱা হয়।বহাগ বিহুত আমৰলি পৰুৱাৰ টোপ খালে এশ এবিধ শাক খোৱাৰ দৰে হয় বুলি জন সমাজত বিশ্বাস আছে।ঘৰৰ মূল ৰান্ধনি গৰাকীয়ে বাৰীৰ চুকে কোণে এশ এবিধ শাক বিচাৰি চলাথ কৰে। সেইদিনা এশ এবিধ শাক একেলগে ৰান্ধি খোৱাৰ নিয়ম।তাৰ পিচতে মাহ-হালধিৰে গা-পা ধুই কণী যুঁজ কৰাৰ নিয়মো ঠায়ে ঠায়ে আছে।প্ৰথমে ঘৰৰ সদস্য সকলৰ লগতেই যুঁজাই লৈ পৰৱৰ্তী সময়ত লগ-সমনীয়াৰ সৈতেও কণীৰ যুঁজ কৰা হয়।কণী যুঁজৰ ওপৰিও লোকেল কুকুৰাৰ কণীৰ কুহুম কেঁচাকৈ গিলি খোৱাৰো নিয়মো বহু সমাজত আছে।তাৰ পিচত সকলোৱে মজিয়াশালীত ওপৰি পুৰুষক স্মৰণ কৰি তেওঁলোকে ভালপোৱা ধৰণে বন্তি জ্বলাই জলপান অথবা পুৰা মাংস,সাজ আদি দি(ঠাই ভেদে বেলেগ বেলেগ নিয়ম) সেৱা কৰে।তাৰ পিচতহে খোৱা-বোৱাৰ পৰ্ব আৰম্ভ হয়। এই নিয়মবোৰত যে কেৱল সামাজিক বিশ্বাসেই জড়িত আছে।এনে নহয়।ইয়াৰ লগত বৈজ্ঞানিক দৃষ্টিও মন কৰিবলগীয়া!এইদৰে নিয়ম সমূহক ধৰি ৰাখিব পৰাটোও আজিৰ দিনত বৰ সাহসৰ কথা।অৱশ্যে সকলোৱে এইধৰণৰ কৰ্ম কৰিবলৈ সাহসো নকৰে।ইচ্ছাও নকৰে।আজিকালি গৰু বিহু পালন কৰিবলৈ মানুহৰ ঘৰত গৰুৱে নাই।তাৰ স্থান টেক্টৰে ললে।এতিয়া আগৰ দৰে গৰু বিহুৰ নিয়ম সমূহো নোহোৱা হৈছে।নগৰ অঞ্চলত ৰাস্তাত ঘুৰি ফুৰা গৰুক পদুলিত ৰখাই মটৰ চলাইও গৰু বিহু পালন কৰা দেখা যায়।ইয়েই গৰু বিহুক বিকৃত কৰা যেন অনুমান হয়।যিসকলে প্ৰকৃততে গৰু বিহুৰ মূল বুজে।তেওঁলোকেহে এই সমূহ নিয়মৰ মাজেৰে গৰু বিহুক উদযাপন কৰা দেখা যায়।