বসন্ত – অনামিকা(সংগীতা)কলিতা

বসন্ত 

অনামিকা(সংগীতা)কলিতা,শুৱালকুছি

অসমীয়া সকলৰ আয়ুস ৰেখা
মৰমৰ বহাগৰ বিহুটি আমাৰ।
ভালপোৱাৰ পৃথিৱীখনত হৃদয়ৰ বতৰা
বসন্তই কঢ়িয়াই জীৱনৰ বুনিয়াদ ,
সংস্কৃতিৰ সৃষ্টি এয়া আমাৰ সমাজৰ বান্ধোন ।
ৰিণিকি ৰিণিকি ভাহি অহা
পেঁপা -গগণাৰ সমধুৰ সুৰ
ঢুলীয়াৰ ঢোলৰ চাপৰত
গামোচাত ফুল বাচি থকা শিপিনীৰো
মাকো সৰি পৰে হাতৰ পৰা ।
নাচনীৰ মন ৰাইজাই কৰে
নেঘেৰী খোপাত কপৌফুল গুজি দিয়ে
প্ৰিয়জনে —
সেই কাৰণে বসন্ত অনন্য।