শীতৰে সেমেকা-ৰাজলক্ষ্মী বৰঠাকুৰ

শীতৰে সেমেকা

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

স্বপ্ন বিভূৰ
এই মায়াবিনি নিশা ….
মনে মোৰ বিচাৰে
বাৰে বাৰে কাষৰতে তোমাৰ
অবুজন মনে যে
নামানে বুজনি
শীতৰে সেমেকা
স্বপ্ন বিহুৰ
এই মায়াবিনি নিশা….
শৈশৱৰে ধেমালিতে
মই তোমাৰেই হ’ম
বুলি কোৱা কথাষাৰ
জানো চা
পাহৰি গ’লা
মই যে নোৱাৰো
পাহৰি যাব
হৃদয় মন্দিৰত
সযতনে ৰখা
তোমাৰেই ছবিটি
আশাৰে আছোঁ
বাটে চাই
জানো চা তুমি
উভতি আহা
শূণ্য পঁজাতি মোৰ
সুখেৰে উপচায় দিবা।