গুৱাহাটী প্ৰেছ ক্লাবল কাজলি মহোৎসৱ উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত কাজলি মহোৎসৱ উদযাপন সমিতিয়ে এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাত বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ হৰমোহন কলিতাৰ সভাপতিত্বত কাজলি মহোৎসৱৰ শুভ উদ্ধোধন কৰে। আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাসৰ ঐতিহাহিক সাক্ষী হৈছে চন্দ্ৰপুৰৰ সমীপত থকা কাজলি চকি। এই কাজলি চকি পুনৰুদ্ধাৰ প্ৰচাৰ আৰু ইয়াক পৰ্য্যটনৰ স্থলী ৰূপে বিকাশ কৰাৰ উদ্যেশ্যে ইন্দিজেনাচ পিপুলছ অফ মুং – দুন – চুন – খাম, আসাম নৰ্থ ইষ্ট ইণ্ডিয়া, বীৰ লাচিত সেনা, সদৌ অসম সাংবাদিক সন্থা, টাই আহোম যুৱ ছাত্ৰ পৰিষদ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, ৰাজধানী টাই আহোম কলা সাংস্কৃতিক বিকাশ কেন্দ্ৰ, মলুং সমাজ, গুৱাহাটী, ফ্ৰা – লুং – মূং – আছাম, গৰীয়া মৰীয়া খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন আদি কেইবাটাও দল সংগঠনৰ সহযোগত কাজলি মহোৎসৱ – ২০২৪ উদযাপন কৰিব বিচৰা হৈছে। আৰু ইয়াৰে প্ৰথম কাৰ্য্যসূচী হিচাবে আজি ৪ এপ্ৰিলত প্ৰেছ ক্লাবত শুভ উদ্ধোধন অনুষ্ঠিত কৰা হয়। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰত জোড়োঁ অভিযান অসম আৰু অসম নাগৰিক সমাজে ৰাইজলৈ আহ্বান জনাই এখন ‘এবাৰ ভাবি চাও আহক ‘ লিখা গোহাৰি পত্ৰ বিতৰণ কৰে লগতে তেওঁলোকে চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰি কয় যে, সন্মুখত লোকসভা নিৰ্বাচন, এই চৰকাৰে সুশাসন জনকল্যান আদিত গুৰুত্ব নিদি মঠ মন্দিৰ নিৰ্মাণ ইত্যাদিত লাগি আছে। গতিকে তেওঁলোকে কেইটামান গুৰুত্ব পূৰ্ণ কথা আঙুলিয়াই দি ৰাইজক প্ৰতিবাদ কৰি সদল বলে ওলাই আহি ভালদৰে ভাবি চায় ভোটদান কৰিব লাগে। সভাত অৰূপ কুমাৰ দত্ত,পদ্মশ্ৰী বঁটা প্ৰাপক, অনুপ চেতিয়া,প্ৰাক্তন সভাপতি আলফা, দিলীপ গগৈ,টাই আহোম যুৱ ছাত্ৰ পৰিষদ, তপন গগৈ,সভাপতি আহোম সভা, গাম্বৰো মুছাহাৰী,সভাপতি ইউনাইটেড বৰো পিপুল ফেডাৰেচন, বুলেন বৰুৱা সভাপতি, মৰাণ সভা, চৰণ ডেকা, সভাপতি পূৰ্বাঞ্চল লোক পৰিষদ আদি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷