সদৌ অসম প্ৰাক্তন আলফা সমম্বয়ৰক্ষী সমিতিৰ সভা

সদৌ অসম প্ৰাক্তন আলফা সমম্বয়ৰক্ষী সমিতিৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম প্ৰাক্তন আলফা সমম্বয়ৰক্ষী সমিতিৰ কামৰূপ জিলাৰ উদ্যোগত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত লোকেশ্বৰ গগৈৰ সভাপতিত্বত কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজু ফুকন, কাৰ্য্যকৰী সভাপতি বিজয় হাজৰিকা,লক্ষীমপুৰ জিলাৰ সম্পাদক মুনিন বৰা,কামৰূপ জিলাৰ সভাপতি গোলাপ মেধি, ওদালগুৰিৰ সম্পাদক দিপু হাজৰিকা,চিৰাং জিলাৰ প্ৰাক্তন সম্পাদক কন ৰায়, সুৰেন ৰায়কে আদি কৰি প্ৰায় ৫০ জন মান প্ৰাক্তন আলফা সদস্য উপস্থিত আছিল। জানিব পৰা মতে উক্ত সভাত অতি আক্ষেপেৰে দুখ প্ৰকাশ কৰি তেওঁলোকে কয় যে চৰকাৰৰ লগত হোৱা আলোচনাৰ চুক্তি মৰ্মে কোনো এজনৰ কৰ্ম সংস্থান আজিলৈকে নহ’ল। কেৱল মাত্ৰ হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰীৰ দিনত কিবা এটা পোৱাৰ বাহিৰে বৰ্তমান আজিৰ তাৰিখলৈকে কৰ্ম সংস্থানৰ কথাটো বাদেই চৰকাৰৰ পৰা এটি ফুটা কৰিও নাপালে। তেওঁলোকে উক্ত সভাত যোৱা ইং ৪/৩/২০২৪ তাৰিখে অসম চৰকাৰলৈ কেইটামান দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰে। লগতে তেওঁলোকে এইটোও কয়, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি দক্ষ আৰু তেওঁ ইচ্ছা কৰিলে প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁলোকৰ সমস্যা বোৰ মূহুৰ্তত সমাধান কৰিব পাৰিব বুলি তেওঁলোকে বিশ্বাস কৰে। উক্ত সভাত তেওঁলোকৰ এখন পূৰ্ণাংগ কমিটী গঠন কৰা হয়৷