চিত্ৰ শংকৰ দেৱালয়
সত্যজিৎ গগৈ,কলিয়াবৰ
কলিয়াবৰৰ বামুণী অঞ্চলৰ মথৌখাট গাঁওত চিত্ৰশংকৰ দেৱালয় অৱস্থিত।সেই অঞ্চলত বাস কৰা বড়ো আৰু কাৰ্বি লোকসকল “চিত্ৰশংকৰ দেৱালয়”ৰ লগত বিশেষভাৱে জড়িত।এই দেৱালয়টোৰ সৈতে জড়িত বহু কাহিনী মানুহৰ মুখে মুখে শুনা যায়।জনশ্ৰুতি মতে আহোম ৰজা প্ৰমত্ত সিংহই হৰমোহন ফৈদৰ ব্ৰাক্ষ্মণ পুৰুহিত এজনক পূজা অৰ্চনা কৰিবৰ বাবে কাঠৰ খুটা,বাঁহৰ বেৰ আৰু ৰজাদিনীয়া টিনপাতেৰে প্ৰায় ১২ ফুটৰ এটি পূজা গৃহ সাঁজি দিছিল।আৰম্ভণি সময়খিনিত মাহত এবাৰ মানকৈ হে পূজা হৈছিল যদিও পিচলৈ শিৱ সিংহৰ দিনত অধিক গুৰুত্ব লাভ কৰি দৈনিক পূজা-পাতল কৰিবলৈ হুকুম দি পূজাত ব্যৱহৃত সামগ্ৰী সমূহৰ যোগান ধৰে।সেই সময়ত বৰ্তমানৰ হাটীমূৰাৰ পৰা ছালনা লৈকে চটাই আলি নামেৰে এটা ৰাজআলি আছিল।সেই আলিয়েদিয়েই ৰজা প্ৰমত্ত সিংহই অহা-যোৱা কৰোঁতে চিত্ৰ-বিচিত্ৰ নৃত্যৰত অলৌকিক ছবি কিছুমান দেখিছিল বুলি জনশ্ৰুতি মতে জনা যায়।তেতিয়া ৰজা প্ৰমত্ত সিংহই সেই ঠাইতে ‘চিত্ৰ শংকৰ’ নামেৰে মন্দিৰ ভাগ স্থাপন কৰি পূজা কৰাইছিল।তদুপৰি উক্ত অঞ্চলটোত প্ৰকাণ্ড প্ৰকাণ্ড শিল আছিল বুলিও জনশ্ৰুতি মতে শুনা যায়।কিন্তু সময়ৰ সোঁতত ভূঁইকম্প বা বিভিন্ন প্ৰাকৃতিক কাৰণত সেই শিলবোৰ পুত যোৱা বুলিও লোকসকলে ধাৰণা কৰে।তেওঁলোকে আৰু বিশ্বাস কৰে যে,যি সম্প্ৰদায়ৰ লোকৰ যি উপাসনা।তাতহে ঈশ্বৰ সন্তুষ্ট হয়।
পূৰ্বতে চিত্ৰ শংকৰ দেৱালয়ত শিৱৰাত্ৰিৰ দিনা দাড়িগুজি,বৰভগীয়া,দলগাওঁ আদিৰ পৰা ভক্তপ্ৰাণ ৰাইজ সকল আহি ভাওনা প্ৰদৰ্শন কৰিছিল।এবাৰ দলগাওঁৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে “লংকা দাহন” নামৰ ভাওনাখন প্ৰদৰ্শন কৰিছিলহি।সেই ভাওনাখনত শৰ্মা উপাধিৰ এজন লোকে হনুমানৰ ভাও লৈছিল।তেওঁ ভাওৰ মাজতে থাপনাত আগবঢ়াই থোৱা ফলমূলৰ শৰাইখনৰ পৰা পকা অমিতা এটা লৈ মন্দিৰৰ ভিতৰতে সংস্থাপিত হৈ থকা ৰজাদিনীয়া শিলটোৰ ওপৰতে বহি খাই খাই বান্দৰৰ দৰে অভিনয় কৰিছিল।তাৰ পিচতে লংকা দাহনৰ সময়ত হনুমানৰ নেগুৰত জুই লগাই দিয়াত সেই জুই হনুমানৰ গোটেই দেহতে বিয়পি পৰিছিল।ফাগুন মাহ হোৱাৰ বাবে ওচৰত থকা পুখুৰীটো পানী শুকাই গৈছিল।ভাৱৰীয়াজনে দৌৰি গৈ পুখুৰীত জাপ দিছিল যদিও জুই নিৰ্বাপন কৰিব নোৱাৰিছিল।পিছত যেনিবা দৰ্শক ৰাইজে গাত লৈযোৱা ডাঠ কাপোৰেৰে ভাৱৰীয়াজনৰ গাৰ পৰা জুই নুমুৱাবলৈ সক্ষম হৈছিল।গতিকে ভাৱৰীয়াজনে শৰাইত আগবঢ়োৱা অমিতা লৈ খোৱাটোৱেই অপৰাধ আছিল নে ৰজাদিনীয়া শিলটোত উঠাটো!এই ঘটনাৰ পৰা ৰাইজে বিশ্বাস কৰে যে চিত্ৰ শংকৰত এতিয়াও ঈশ্বৰ বিৰাজমান।অৱশ্যে এতিয়া পূৰ্বৰ দৰে ভাৱৰীয়া ভকত সকল স্ব-ইচ্ছাৰে ভাওনা প্ৰদৰ্শন কৰিবলৈ নাহে যদিও পৰিচালনা সমিতিয়ে নিমন্ত্ৰণ জনাই আনি পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আহিছে।
এইদৰেই বামুণী অঞ্চলৰ লোকসকলে তেওঁলোকৰ উৎসৱ সমূহ উদযাপনৰ লগতে চিত্ৰ শংকৰ দেৱালয়ৰ উৎসৱ সমূহো সুন্দৰকৈ উদযাপন কৰাৰ যোগেদি সমাজখন সুস্থিৰভাৱে পৰিচালনা কৰি আহিছে।নিতৌ উক্ত দেৱালয়লৈ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম হোৱা দেখা যায়।