পাহৰণিৰ গৰ্ভত
যমুনা দুলু বৈশ্য
শুৱালকুছি
আচলতে সকলো বস্তু নিজৰ হৈ নাথাকে
ইচ্ছা থাকিলেও বাধাৰে আৱৰে হিয়াত
মেটমৰা বাসনাই আপোনা পাহৰাই ।
হেঁপাহৰ আৰতে লুকাই থাকে
প্ৰলেপ সানে জীৱনৰ ৰংবোৰত
গণি পিটি উপচাই মাথো অভিজ্ঞতাৰে শিক্ষা ।
কেতিয়াবা নিজৰ লিখনিবোৰ
হাতফুৰাই চাওঁ প্ৰতিটো শব্দমালা
কবিতা বোৰ জন্ম দিও এটি সন্তানৰ দৰে ।
ভাৱনাৰ প্ৰকাশ বোৰ যাব নেকি
পাহৰণিৰ গৰ্ভত কেতিয়াবা মৰহি
হৃদয় স্পন্দনত জাগে কথাবোৰ ।