পৰিৱেশ আৰু বন বিভাগৰ ১২৪ গৰাকী নৱ নিযুক্ত বিষয়া-কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

পৰিৱেশ আৰু বন বিভাগৰ ১২৪ গৰাকী নৱ নিযুক্ত বিষয়া-কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

নৱ নিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা আৰু সেৱাৰ মানসিকতাৰে কৰ্তব্য সম্পাদনৰ আহ্বান মন্ত্ৰী পাটোৱাৰীৰ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্তমানৰ ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আৰু এখোজ আগুৱাই আজি ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ অধীনত বিভিন্ন পদবীত ১২৪ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচি পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বন বিভাগৰ ৫০ গৰাকী আঞ্চলিক বন বিষয়া আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৭৪টা বিভিন্ন পদত নিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে বন বিভাগৰ আজিৰ নিযুক্তিপ্ৰাপ্ত ১২৪ গৰাকী প্ৰাৰ্থীকে ধৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৯৭,২৫২ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত এতিয়ালৈকে নিযুক্তি প্ৰদান কৰিছে। 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী পাটোৱাৰীয়ে নৱ নিযুক্ত বিষয়া-কৰ্মচাৰীসকলক নিষ্ঠা, দায়বদ্ধতা আৰু উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে নিজৰ কৰ্মক্ষেত্ৰত সেৱা আগবঢ়াই ৰাজ্যখনৰ পৰিৱেশ আৰু বন সুৰক্ষাৰ দিশত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ কয় যে বৰ্তমানৰ জটিল সময়ত গতানুগতিক কাৰ্যালয়ৰ কৰ্মৰ পৰিধিৰ উপৰি এই বিষয়াসকলে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে আগবাঢ়িব লাগিব। সেয়েহে তেওঁলোকে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কৰ্ম পৰিধিৰ উপৰি পৰিৱেশ আৰু বন সুৰক্ষাৰ দিশত নিজৰ উদ্ভাৱনীমূলক চিন্তা-চৰ্চাও প্ৰয়োগ কৰিব লাগিব। এইক্ষেত্ৰত তেওঁলোকক অত্যন্ত সৌভাগ্যৱান বুলি উল্লেখ কৰি তেওঁলোকৰ নিষ্ঠা আৰু সততাৰ ওপৰতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুৰক্ষিত পৰিৱেশ নিৰ্ভৰ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে যিকোনো পৰিস্থিতিতে দুৰ্নীতিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈও আজি নিযুক্তিপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়।

 

অসম প্ৰদূষণ পৰিষদৰ অধ্যক্ষ ড অৰূপ কুমাৰ মিশ্ৰই আদৰণি ভাষণ প্ৰদান কৰা উক্ত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, ৰাজ্য চৰকাৰৰ বন বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱেও প্ৰাৰ্থীসকলক উৎসাহ তথা অভিনন্দন জনাই নিজৰ বক্তব্য প্ৰদান কৰে। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মুৰব্বী আৰ পি সিঙে শলাগৰ শৰাই আগবঢ়োৱা উক্ত অনুষ্ঠানত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন তথা ছমহীয়া পৰিৱেশ বাতৰিও মন্ত্ৰী পাটোৱাৰী আৰু অন্যান্য অভ্যাগতসকলে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ বিভিন্ন শীৰ্ষ বিষয়াসকলৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।