মনোজ কুমাৰ গোস্বামীৰ ঘৰৰ সন্মুখৰ পৰা টাই আহোম যুৱ পৰিষদৰ সকিয়নী

মনোজ কুমাৰ গোস্বামীৰ ঘৰৰ সন্মুখৰ পৰা টাই আহোম যুৱ পৰিষদৰ সকিয়নী

ৰঙিলী বাৰ্ত্তাসেৱা- আহোম জাতিৰ উপৰিপুৰুষ তথা বংশকূলক তুচ্ছ তাচ্চিল্য কৰা হালধীয়া সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বিৰোধিতাৰে গুৱাহাটী খানাপাৰাৰ কইনাধৰা তেওঁৰ বাসগৃহৰ সন্মুখত টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদে দিনৰ ১১ বজাত দেওবাৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হয় ৷ গোস্বামীৰ প্ৰতিকৃতি খানাপাৰা উৰণীয়া সেতুৰ পৰা চুচৰাই আনি তেওঁৰ বাসগৃহৰ সন্মুখত তেওঁৰ প্ৰতিকৃতিত টাই আহোম মহিলা পৰিষদৰ সদস্যা সকলে ছেন্দেলেৰে চৰিয়াই আৰু শেষত মনোজ কুমাৰ গোস্বামীৰ প্ৰতিকৃতি জ্বলাই দিয়া হয় ৷ মনোজ কুমাৰ গোস্বামী হায় হায়, মনোজ গোস্বামী হুচিয়াৰ, মনোজ গোস্বামী সাৱধান আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলা হয় ৷ গোস্বামীৰ ঘৰ ঘেৰাও কৰাৰ উদ্দেশ্যে যেতিয়া প্ৰতিবাদ কাৰী সকল আগবাঢ়ে তেতিয়া আৰক্ষী প্ৰশাসনে পৰিষদৰ সদস্য সকলক বেৰিকেট দি বাধা প্ৰদান কৰে আৰু আৰক্ষীৰ লগত হেচা ঠেলা হয় ৷ টাইপা কেন্দ্ৰীয় মুখপাত্ৰ গুণকান্ত গগৈয়ে আৰক্ষী প্ৰশাসনক প্ৰশ্ন কৰে যে টাই আহোম যুৱ পৰিষদে আৰু টাই আহোম ছাত্ৰ সন্থাই মনোজ গোস্বামীৰ বিৰোদ্ধে এজাহাৰ দিয়া ৩ দিন হোৱাৰ পিছতো তেওঁক আজি পৰ্যন্ত কি কাৰণত গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ তেওঁক কি কাৰণ বশত অসম চৰকাৰে ৰক্ষনা বেক্ষণ প্ৰদান কৰি আছে ৷ অসমৰ দুই জনগোষ্ঠীৰ মাজত সংঘাট লগাবৰ বাবে প্ৰয়াস কৰা দালালৰ ঘৰৰ সন্মুখত কি কাৰণে শ শ আৰক্ষী মোতায়ন কৰিছে ? সকলো কিন্তু সাঁথৰ হৈ ৰ’ল ৷ মুখপাত্ৰ গৰাকীয়ে গোস্বামীক ২৪ ঘণ্টাৰ ভিতৰত নিজৰ ভূল স্বীকাৰ কৰি অসমৰ ৰাইজৰ আগত ক্ষমা খুজিবলৈ আহ্বান জনায় অন্যথা যদি তেওঁ কৰবাত কেনেবাকৈ অপদষ্ট হ’বলগীয়া হয় তাৰ বাবে কিন্তু টাই আহোমৰ দল সংগঠন জগৰীয়া নহয় বুলি জানিবলৈ দিয়ে ৷ অন্যহাতে মহিলা পৰিষদৰ উপদেষ্টা ৰেখা বৰগোঁহাই জানিবলৈ দিয়ে যে স্বগৰ্দেউ সকলে বৃহত্তৰ অসমীয়া জাতি গঢ়িবৰ বাবে নিজৰ ভাষা ধৰ্মক এৰি দিলে আৰু আজি সেই সকলক নৃসংশ অত্যাচাৰী সজালে ৷ কি সাহসত মনোজ গোস্বামীয়ে আজি পৰ্যন্ত নিজৰ সামাজিক মাধ্যমৰ পষ্টটো উঠাই লোৱা নাই ৷ আজি অসমৰ ৰাইজ ক্ষোভিত, দল সংগঠন ক্ষোভিত৷টাইপাৰ কামৰূপ জিলাৰ সভাপতি বিশ্বজ্যোতি ফুকনে অসম চৰকাৰৰ ওচৰত দাবী জনয় যে গোস্বামীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নহয় তেতিয়া হ’লে অসমত আৰু জংগী আন্দোলন গঢ়ি তোলা হ’ব ৷