কি সেই অজুহাত – ডালিমী কুলাধিপতি

Pc wanderlust Travel & Photos

কি সেই অজুহাত

ডালিমী কুলাধিপতি,কামৰূপ

এটা অজুহাততে তোমাৰ
গোটেইটো জীৱন
পিছলি পৰে।
পাৰ ভঙা ৰক্ত সংবহন
ৰৈ যায় আধাবাটত
নিস্তব্ধ উশাহ
চকুৰ সিটোপাৰে গুজৱ,
এক বিশেষ কাইদা,
আহত মন ছট্ ফট
এক আলোড়ন যুঁজৰ কৌশল
যি বতাহকো চেৰ পেলাই
গাওঁ,চহৰ চুচি নিয়ে এক ছেকেণ্ডত।
এক অবান্তৰ নিৰল, নিলভ..ভাবুক
কলীয়া আৱেশ.. নিদান.. নিৰাশ..
কি আছিল তাত?
আৱেগ ঢলি পৰা মৰা শিলে গোৱা গান?
বুকুত দুখৰ বাহৰ
অভিনয় সামৰি
শূলবিদ্ধ চল-চাতুৰী
হৃদয়খন যন্ত্ৰ নহয়,
অমোষ আন্ধাৰে কিলোৱা ৰাতিৰ
নীল বেদনা পাহৰিবলৈ কঠিন।
উদাস চেতন
বৰষুণৰ পনীয়া ৰং
বিৰঙলৈ ধাবল ,
উজ্জ্বল- অনুজ্জ্বল,
প্ৰবল শীতল তীব্ৰ ঘৰ্ষণ,
শতিকাৰ বিৰহ প্ৰলাপত
বিমোষণ বিমোৰিত
বিঘ্নিত আহুতি সম্পৰ্ক
টানি আজুৰি ধ্বংস
সেই প্ৰতাপ, প্ৰভাৱ পৃথিৱী তোমাৰ।।