শিল – এছ ইছলাম

শিল
        এছ ইছলাম, বৰপেটা
সাজিছিলোঁ
এটি ফুলৰ বাগিছা
ফুলিছিল পঞ্চটি ফুলৰ কলি
ৰং বিৰঙৰ মৌমাখি আহিছিল উৰি
ফুলৰ সুবাসত হৃদয় আমোলমোল।
শাঁত পেলাইছিল দুনয়ন
দেখি সিহঁতৰ নাচ
কৰবাৰ পৰা আহিল এচাটি
পচোৱা ধুমুহা উৰুৱাই লৈ গ’ল
মোৰ সবুজ ফুলৰ কলি।
বিধাতাৰ লিখন নাযায় খণ্ডন
সবুজ ফুলৰ ৰঙা কলি
অকালতে মৰহি গ’ল
ঠাৰি ডাল পৰি ৰ’ল।
সুন্দৰ বাগিচা মোৰ হ’ল ছাৰখাৰ
নবহে মন মোৰ ঘৰত
মৰহা ফুলৰ সুবাসত।
মোৰ হৃদয় কুঠৰিত শোকৰ ছাঁ
নোলায় চকুলো নয়নত
শিল হৈ পৰিল মোৰ হৃদয় খন।