ভক্তিয়েই শক্তি – সুনম বিশ্বাস

PC - iStock

ভক্তিয়েই শক্তি

 সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

সত্যতা, ঐক্যতাই কি কৰিব নোৱাৰে
যি সত্য সেয়া চিৰ শাশ্বত।
কোনো কাল অমানিশাই
মোলান পেলাব নোৱাৰে
সেই উজ্বল শুভ্র সত্যক ।
বলপূর্বকভাৱে সত্যক চেপা দি
অসত্যৰে  ঐতিহ্যক
ধ্বংস কৰিব বিচাৰিলেও
প্রকৃত ন্যায়ৰ জয়মালা সত্যই পৰিধান কৰে,
শত – সহস্র বৰ্ষৰ পিছতো।
হিংসা-দ্বেষ, অত্যাচাৰৰ – অনাচাৰৰ
ওৰ পেলাবলৈ যুগে যুগে
ঈশ্বৰৰ দূতৰ আবিৰ্ভাৱ হয়
যিয়ে জ্ঞানক সাৰথি কৰি
অহিংসাৰে ঐক্যবদ্ধ কৰে  গোটেই জগত ।
যাৰ দ্বাৰা অপ্রীতি অসূয়াৰ নাশ হয়
ভ্রাতৃত্বভাৱে স্থান  দখল কৰে প্ৰত্যেকৰে হৃদয়ত।
গোটেই দেশত এক অনাবিল আনন্দৰ
জোৱাৰ উঠে ।
প্রাণ প্রতিষ্ঠা হয় অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈ
অতীতৰ পৰা যুগ – যুগান্তৰলৈ
স্থিৰাবাস  পায় অঘৰী  পৰমাত্মাই…
সুখৰ বন্যা যেন চিৰকাল
প্রৱাহিত হয় প্রত্যেকজন
লোকৰ হৃদয়ৰ মাজেৰে,
চিৰ শাশ্বত হওক অস্তিত্ব
বিশ্বাস – আস্থা – ভক্তিৰ সুদীর্ঘ  কীৰ্তিস্তম্ভ।
আত্মা – পৰমাত্মাৰ মহামিলনৰ
সাক্ষী এই নৱবৰ্ষৰ উদিত সূৰুয, বতাহ, পানী ,আকাশ
এক স্বৰ্গৰাজ্যৰ দর্শন কৰালে প্ৰভাতী কিৰণে।
স্তিমিত নহয় যেন কোনো কালেও
এই জাতিৰ পৰিচয় , সদা সৰ্বদা
অলৰ – অচৰ হিমগিৰি হৈ
জীয়াই থাকে যেন আমাৰ
ঐতিহ্যমণ্ডিত ইতিহাস, ধৰ্ম বিশ্বাস…