সন্তানক নিজৰ সিদ্ধান্তবোৰ নিজাকৈ গ্ৰহণৰ সুবিধা প্ৰদান কৰক – চন্দ্ৰ শেখৰ পৰাজুলী

PC - The Conversation
সন্তানক নিজৰ সিদ্ধান্তবোৰ নিজাকৈ গ্ৰহণৰ সুবিধা প্ৰদান কৰক
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
কিছুমান ক্ষেত্ৰত আমাৰ অতীতৰে সময়বোৰ বৰ অনুপম আৰু অতুলনীয় আছিল বুলি ক’ব লাগিব। কাৰণ আমাৰ অতীততে নিজ নিজ সন্তানক স্কুলীয়া শিক্ষা প্ৰদানৰ লগে লগে নীতিগত শিক্ষা প্ৰদানৰ ব্যৱস্থা সমাজৰ চৌদিশে বিস্তাৰিত হৈ আছিল। ইয়াৰ উপৰিও সন্তানবোৰ বাঢ়ি অহাৰ লগে লগে নিজ ব্যক্তিগত সিদ্ধান্ত সমূহ নিজাববীয়াকৈ লোৱাৰ প্ৰায় প্ৰতিজন অভিভাৱকে ব্যৱস্থা কৰি দিছিল। সঁচা অৰ্থত কবলৈ গলে আমাৰ অতীততে যিকোনো ঘৰুৱায়ে হওঁক বা যিকোনো সামাজিক গতিবিধি সমূহত শিশু,ডেকা,বুঢ়া আদি কৰি সকলোৱে একগোট হৈ সহায়-সহযোগীতাৰ জৰিয়তে কমবোৰ কৰি যাবলৈ তৎপৰ আছিল। ইয়াৰ ফলত শিশু,ডেকা,বুঢ়া আদি কৰি সকলো স্তৰৰ লোকসকলে এজনে আনজনৰ পৰা শিক্ষা আহৰণ কৰি মিলিজুলি জীৱন নিৰ্বাহ কৰি গৈছিল। কিন্তু  বৰ্তমান সময়ত যান্ত্ৰিক উপকৰণ সমূহৰ বিপুল প্ৰয়োগৰ ফলত মানুহৰ মানসিক চিন্তাধাৰাত ওপৰত অদ্ভূত পৰিবৰ্তন অহা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ৰ প্ৰতিজন অভিভাৱকে নিজ নিজ সন্তান সমূহৰ সামাজিক গতিবিধি একেবাৰে নাইকীয়া কৰি তুলিছে বুলি কলেওঁ ভুলকৈ কোৱা নহব।অত্যধিক ৰূপত ধন সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাটোৱেই হৈছে এতিয়াৰ সময়ত শিক্ষা আহৰণ মূল লক্ষ্য বা উদ্দেশ্য ।সেয়েহে এতিয়াৰ উঠি অহা নৱপ্ৰজন্মে ২৫,২৬ বছৰ বয়সলৈকে নিজ জীৱনৰ সিদ্ধান্তবোৰ নিজাববীয়াকৈ ল’বলৈ সক্ষম হোৱা বহু কম পৰিমাণে পৰিলক্ষিত হয়। শিশু এটা বাঢ়ি অহাৰ লগে লগে অভিভাৱক সকলে নিজ জীৱনৰ ব্যক্তিগত দায়িত্ববোৰ লগতে ঘৰুৱাই হওঁক নাইবা সামাজিক দায়িত্ববোৰ অলপ অলপ কৰি শিশুৰ মন, মস্তিষ্কত সোমোৱাই দিয়াৰ যত্ন কৰিব লাগে। এনেধৰণৰ পদক্ষেপৰ জৰিয়তে সন্তানবোৰৰ সাহস, পৰাক্ৰম বৃদ্ধি পোৱাৰ লগতে আত্মনিৰ্ভৰশীলৰ পথবোৰ সময়মতে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা দেখা যায়। অৰ্থাৎ সন্তানক নিজৰ সিদ্ধান্তবোৰ নিজাকৈ গ্ৰহণৰ সুবিধা প্ৰদানৰ অৰ্থয়ে হ’ল অভিভাৱক সকলে অতিমাত্ৰাত সন্তানবোৰক শাসন কৰাৰ পৰা বঞ্চিত থাকক। জোখতকৈ বেছি শাসন কৰিলেও সন্তানবোৰ বৰ বেঙা ধৰণৰ হৈ পৰে। সন্তানবোৰ বাঢ়ি অহাৰ লগে লগে সদায় আত্ম অনুশাসনৰ শিক্ষা প্ৰদান কৰাৰ লগতে অভিভাৱক সকলে নিজ নিজ লৰা-ছোৱালীক প্ৰয়োজনতকৈ বেছি মৰম,আদৰ,যত্ন কৰাৰ পৰা সদায় বিৰত থাকক। পৰাপক্ষত অভিভাৱক সকলে সন্তানবোৰৰ আগত সদায় অলপমান মানসিক কঠোৰতাৰ প্ৰদৰ্শন কৰি সন্তানক নিজৰ সিদ্ধান্তবোৰ নিজাকৈ গ্ৰহণৰ সুবিধা প্ৰদান কৰক।