উত্তৰ-পূৱ খাদ্য সংসাধন সম্মিলন ২০২৪ ৰ শুভাৰম্ভ

উত্তৰ-পূৱ খাদ্য সংসাধন সম্মিলন ২০২৪ ৰ শুভাৰম্ভ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উত্তৰ-পূৱ খাদ্য সংসাধনকৰণ সম্মিলন ২০২৪ অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কৃষি আৰু পশুপালন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট পৰিমাণে সাৰুৱা ভূমি থকাৰ বাবে এই অঞ্চলটোত কৃষিখণ্ডৰ প্ৰচুৰ সম্ভাৱনীয়তা লুকাই আছে। বিশেষকৈ ৰাজ্যখনৰ পাহাৰ আৰু ভৈয়াম, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কৃষি তথা উদ্যান শস্যৰ ক্ষেত্ৰখনে অসমৰ কৃষি ভিত্তিক অর্থনীতিক নতুন গতিৰে আগবঢ়াই নিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰতিবছৰে কৃষিভিত্তিক কেইবাবিধ খাদ্য সামগ্রী যেনে কমলা, নেমুটেঙা, আনাৰস, কিৱি, ক’লা চাউল, কল, ভোট জলকীয়া, হালধী, কঠাল আদি বিভিন্ন শস্যৰ ৰপ্তানিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলে এক বিশেষ ভূমিকা পালন কৰি আহিছে। অসমৰ ভোট জলকীয়াই ইতিমধ্যে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে ইতিমধ্যে জি আই টেগযুক্ত কাজি নেমুক ৰাজ্যিক ফল হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে। ইয়াৰ দ্বাৰা বিশ্বৰ বজাৰত অসমৰ কাজি নেমুৰ চাহিদা পূৰ্বৰ তুলনাত আৰু অধিক বৃদ্ধি পাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্রমে অসমত কৃষিভিত্তিক উদ্যোগ স্থাপনৰ বাবে বিশেষ প্রয়াস হাতত লোৱা হৈছে বুলিও কৃষি মন্ত্ৰী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনা থকা খাদ্য সংসাধন ক্ষেত্ৰখনক আৰু অধিক জনপ্রিয় তথা গতিশীল কৰি তোলাটোৱে উত্তৰ-পূৱ খাদ্য সংসাধন সন্মিলনৰ মুখ্য উদ্দেশ্য। অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ-পূৱৰ খাদ্য সম্পৰ্কীয় প্ৰদৰ্শনীখন মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰে। এই প্ৰদৰ্শনীত ৫২ টা বিপনীয়ে অংশগ্ৰহণ কৰে।

আজিৰ এই সন্মিলনত অতিৰিক্ত মুখ্য সচিব ৰবি কোটা, অসম ঔদ্যোগিক উন্নয়ণ নিগমৰ উপাধ্যক্ষ নবদ্বীপ কলিতা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব তথা অসম ঔদ্যোগিক উন্নয়ণ নিগমৰ পৰিচালন সঞ্চালক মানৱেন্দ্র প্রতাপ সিং, এপাৰ্টৰ ৰাজ্যিক প্রকল্প সঞ্চালক বীৰেন্দ্ৰ মিট্টাল, কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ উপ-সঞ্চালক জীতেন্দ্র ডোংগ্রে, নতুন দিল্লীস্থিত ইনভেষ্ট ইণ্ডিয়াৰ জ্যেষ্ঠ বিনিয়োগ বিশেষজ্ঞ ৰাধিকা মেহতা, বিভিন্ন ৰাজ্যৰ অগ্ৰণী খাদ্য সংসাধীকৰণ উদ্যোগসমূহ, খাদ্য সংসাধীকৰণ যন্ত্ৰ নিৰ্মাতাসমূহ, পেকেজৰ সৈতে জড়িত সংস্থাসমূহ, আমদানি-ৰপ্তানিৰ সৈতে জড়িত বিভিন্ন সংস্থা আদিৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।