ডিব্ৰুগড়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ সভাপতি, সম্পাদকৰ সন্মিলন সম্পন্ন

ডিব্ৰুগড়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ সভাপতি, সম্পাদকৰ সন্মিলন সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা– যোৱা ২৫ তাৰিখ দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, ডিব্ৰুগড় আঞ্চলিক শাখাৰ সভাপতি সম্পাদকৰ এখনি সন্মিলন ভাগ গোবিন্দগিৰি প্ৰাথমিক শাখাৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ডিব্ৰুগড় আঞ্চলিক শাখাৰ সভাপতি নৰেন্দ্ৰ মহেলা বাপৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্ধোধন কৰে জিলা সদস্য ত্ৰৈলোক্য সোনোৱাল বাপে। ডিব্ৰুগড় আঞ্চলিক শাখাৰ অন্তৰ্গত ১৪ খন প্ৰাথমিক শাখাৰ সভাপতি, সম্পাদক সকলে অংশ গ্ৰহণ কৰা সভাত আঞ্চলিক শাখাৰ সম্পাদক গকুল চন্দ্ৰ দত্ত বাপে- ২০২৪ বৰ্ষৰ কৰ্ম- আচঁনি আৰু বাজেট দাখিল কৰা লগতে সাহিত্য-সংস্কৃতিৰ, প্ৰচাৰ, সেৱাবাহিনী, শিশু , আই -মাতৃ কল্যাণ আৰু প্ৰাথমিক শাখা সমূহৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত জিলা সদস্য দিপক গগৈ, ৰমেশ কোৱঁৰ, অৰ্চনা বৰা, সাহিত্য শাখাৰ সম্পাদক- প্ৰশান্ত শইকীয়া, প্ৰচাৰ শাখা সভাপতি- হেম শইকীয়া, সম্পাদক- হেমন্ত বড়া, সংস্কৃতি শাখাৰ সম্পাদক,জ্ঞানদেৱ কোঁচ, সহ-সম্পাদকদ্বয় নিৰঞ্জন পাটোৱাৰী, বিদ্যাভূষন শইকীয়া, আই সমিতিৰ সভানেত্ৰী- কুসুম শইকীয়া, সম্পাদিকা ৰুবী বৰা প্ৰমুখ্য কৰি বহকেইগৰাকীৰ বিষয়ববীয়া উপস্থিত থাকে।