উতলা ফাগুনে আনে বসন্তৰ আলোড়ন – যমুনা দুলু বৈশ্য

উতলা ফাগুনে আনে বসন্তৰ আলোড়ন

 যমুনা দুলু বৈশ্য
শুৱালকুছি

ফাগুন আহিলে শিমলু , পলাশ মদাৰে
বাউলী হৈ চৌদিশ ৰাঙলীৰে
সৰাপাতৰ দলিচা পাতে ।

উতলা ফাগুনে আনে পোহৰ ছাঁ
পছোৱাৰ বা লাগি আশাৰ পানচৈত বাসনাৰে
উটুৱাই লৈ জীৱনৰ মেৰপাকৰ সুখ-দুখৰ যাত্ৰা ।

নঙঠা হৈ গছৰ ডালে পাতে
ধূলিয়ৰি বাটেৰে সাজি-কাচি ন সাঁজ পিন্ধি
ন ৰূপ সজাই কুহিপাতে চমক লগাই ।

প্ৰতিপলে ফাগুনে উদাসীন মনত মিলন
বসন্তৰ আলোড়নেৰে সজীৱ কৰি
দেহ- প্ৰাণ জুৰুৱা পুলকিত স্বস্তিৰ নিশ্বাস ।